অসমশীৰ্ষ

ওদালগুৰি চহৰত মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্ব ত চাফাই অভিযান,সকলোকে প্লাষ্টিক বৰ্জনৰ আহ্বান

প্ৰথম খবৰ,গুনজিৎ দাস: সমগ্ৰ দেশৰ লগতে আজি ওদালগুৰিতো পালন কৰা হয় গান্ধী জয়ন্তী।গান্ধী জয়ন্তী উপলক্ষে ওদালগুৰি পৌৰসভা ,জিলা প্ৰশাসন আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত চহৰখনত স্বচ্ছতাৰ সজাগতা মুলক অভিযান চলোৱা পৰিলক্ষিত হয়৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস বিজড়িত ওদালগুৰি চহৰত অৱস্হিত গান্ধী ময়দানত ওদালগুৰি পৌৰসভাৰ উদ্যোগত আনুষ্ঠানিক ভাৱে গান্ধী জয়ন্তী পালন কৰে ।গান্ধী জয়ন্তী উপলক্ষে ওদালগুৰি পৌৰসভাৰ ওচৰৰ পৰা দক্ষিন পাৰত অৱস্থিত গান্ধীময়দানলৈ এক চফাই অভিযান চলোৱা হয়।স্বচ্ছতাই সেৱা অভিযান তথা প্লাষ্টিক বৰ্জনৰ সজাগতামুলক এই চাফাই অভিযানৰ নেতৃত্ব বহন কৰে স্হানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰী আৰু ওদালগুৰি পৌৰসভাৰ সভাপতি ৰিপেন দৈমাৰীয়ে।অভিযানত বিটিচিৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰী,স্হানীয় বিশিষ্ট লোকৰ লগতে মহিলা আত্মসহায়ক গোট আৰু পৌৰসভা খনৰ লোকসকলে।

অভিযানত মন্ত্ৰী দৈমাৰীয়ে নিজে হাতত গ্লোভচ পিন্ধি চাফাই কাৰ্যত জড়িত হৈ স্হানীয় ৰাইজক প্লাষ্টিক বৰ্জনৰ নিজৰ অঞ্চলটো সদায়ে চাফ চিকুনকৈ ৰাখিবলৈ আহ্বান জনায়। সপ্তাহিক বজাৰৰ ভিৰৰ মাজতে চলোৱা এই চাফাই অভিযান গান্ধী ময়দানত সামৰনি পেলায়। তাৰপিছতে বন্তি প্ৰজ্বলন কৰি গান্ধীৰ প্ৰতিমুৰ্তি ত পুস্পাঞ্জলী অনুষ্ঠানৰ শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে।ইয়াৰ পিছত উপস্হিত সকলোৱে গান্ধীৰ প্ৰতিমুৰ্তি ত পুস্পাঞ্জলী অৰ্পন কৰে।গান্ধী ময়দানতে আয়োজন কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহন কৰি গান্ধী জয়ন্তীৰ তাৎপৰ্য বাখ্যা কৰে শিক্ষাবিদ যতীন্দ্ৰ শৰ্মাই।সভাত মন্ত্ৰী ৰিহন দৈমাৰী আৰু পৌৰসভাৰ সভাপতি ৰিপেন দৈমাৰীয়েও স্বচ্ছতাৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় ভাৱে গ্ৰহন কৰ আচনিৰ বিষয়ে প্ৰকাশ কৰি এই ক্ষেত্ৰত ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায়। ইপিনে ওদালগুৰি কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলেও গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি চহৰ খনত ৰাতিপুৱা স্বচ্ছতা হি সেৱা ৰ অংশ হিচাপে অক ৰেলী উলিয়াই ৰাইজৰ দ্ৰিষ্টি আকৰ্ষন কৰে।

Related Articles

Leave a Reply

Close