অসমশীৰ্ষ

গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত দুধনৈত ”স্বচ্ছতা হি সেৱা ২০১৯” শীৰ্ষক সভা সম্পন্ন

প্ৰথম খবৰ, দুধনৈ:জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনত আজি দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু দুধনৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সহযোগত দুধনৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সভাকক্ষত “স্বচ্ছতা হি সেৱা-২০১৯” শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত হয়৷ সভাৰ আৰম্ভনিতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যক্ৰম সমন্বয়ক ড’ হিতু চৌধুৰী আৰু কৃষি বিজ্ঞানী ড’ উৎপল ভট্টাচাৰ্যীয়ে৷ ড’ হিতু চৌধুৰীয়ে সভাপতিত্ব কৰা সভাখনত উপস্থিত থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ক্ৰমে ড’ উৎপল ভট্টাচাৰ্য, ড’ হৰিচৰণ কলিতা, ড’ বিশ্বজিৎ দে আৰু বেঞ্জামিন কামানে বৰ্তমান প্লাষ্টিকৰ লগতে অন্যান্য পেলনীয়া আৱৰ্জনাৰ ফলত সংকটৰ গৰাহত পৰা পৃথিৱীখনক ৰক্ষা কৰাৰ বাবে মহাত্মা গান্ধীয়ে যি সপোন দেখিছিল সেই সপোনক বাস্তৱত ৰূপায়ন কৰাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোককে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ ভাৰতবৰ্ষখন সুন্দৰ কৰি ৰখাৰ লগতে পৃথিৱী খনক প্ৰদুষণ মুক্ত কৰি ৰখাৰ অভিযানত সকলোকে অংশীদাৰ হবলৈ আহ্বান জনোৱাৰ লগতে কৃষি ক্ষেত্ৰত জৈবিক পদ্ধতি অৱলম্বন কৰাৰ বাবে কৃষক সকলক পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়৷ অানহাতে এইখন সভাতে বিদ্যালয় পৰিচালনা কমিটিৰ হৈ প্ৰদীপ দাসে আজিৰ পৰাই একক ব্যবহাৰ্য প্লাষ্টিক সামগ্ৰী বৰ্জন কৰাৰ লগতে পৃথিবী খনক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ শপত লোৱাৰ লগতে পেলনীয়া সামগ্ৰী আৰু প্লাষ্টিকে কিদৰে পৃথিৱীখনক সংকটৰ গৰাহলৈ ঠেলি দিয়ে সেই বিষয়ে বহলাই ব্যাখ্যা কৰে৷ সভাৰ আৰম্ভণি আৰু শেষত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰাৰ্থনা পৰিবেশন কৰে৷ সভাখনত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close