
প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ ছাগলীয়া আৰক্ষীয়ে যোৱা নিশা নিয়মীয়া তালাচীত দুই কেজি নকল সোণ সহ চাৰিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বিলাসী গাড়ী জব্দ কৰে । জানিব পৰা মতে, চালকসহ চাৰিজন সোণৰ চোৰং ব্যবসায়ীয়ে যোৱা নিশা BR 07 Y/ 6486 নম্বৰৰ বিলাসী বাহনেৰে তেজপুৰৰ নাৰায়ণপুৰৰ পৰা দুই কেজি নকল সোণ কঢ়িয়াই বিহাৰ অভিমুখী গৈ থকা অবস্থাত ছাগলীয়া আৰক্ষীয়ে আটক কৰি তালাচী চলায় । আৰক্ষীৰ তালাচীত চাৰিজন লোকৰ পৰা দুই কেজি ওজনৰ এটা নকৰ সোণ উদ্বাৰ কৰে আৰক্ষীয়ে । সোণ সহ গাড়ী খন জব্দ কৰাৰ লগতে বিহাৰৰ মাধুবনী জিলাৰ ৰাম কুমাৰ শৰ্মা, শিৱ কুমাৰ পাঁচোৱান, ৰৌশন কুমাৰ মিশ্ৰ আৰু কুৰেন্দ্ৰ যাদৱক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।