অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত স্বচ্ছ ভাৰত-প্লাষ্টিকমুক্ত অভিযান

প্ৰথম খবৰ,খেৰণি:মহামানৱ মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী ।ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান ক্ৰমে আজি সমগ্ৰ ভাৰতত পালন কৰা হৈছে স্বচ্ছ ভাৰত অভিযান । আৰু এই গান্ধী জয়ন্তীৰ দিনটোতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুস্থিত হৈছে বিভিন্ন কাৰ্যসূচী। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিতো বুধবাৰে পুৱাই হাতে হাতে ঝাড়ু আদি লৈ পশ্চিম কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ৱাটাৰ এণ্ড চেনিতেশ্বন কমিটি আৰু খেৰণি গ্ৰীণ আৰ্মী কেডেট ক্ৰপৰ উদ্যোগত বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সহযোগত বৃহত্তৰ খেৰণিত স্বচ্ছ ভাৰত আৰু প্লাষ্টিকমুক্ত অভিযান কাৰ্যসূচী ৰূপায়ন কৰে। লগতে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ বিভিন্ন শ্লোগানেৰে এক বৃহৎ সমদল উলিয়াই ঠায়ে ঠায়ে বাটৰ নাট আদি প্ৰদৰ্শন কৰি বৃহত্তৰ অঞ্চলবাসীক খেৰণি অঞ্চলটোকো দেশৰ স্বচ্ছ আৰু প্লাষ্টিকমুক্ত অঞ্চল হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। আৰু যতে ততে মলত্যাগ অথবা জাৱৰ-জোঁথৰ আদি নেপেলাবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Close