অসমশীৰ্ষ

মাতৃভাষাৰ বিদ্যালয়ত সন্তানক পঢ়াবলৈ আহ্বান -মন্ত্ৰী ভবেশ কলিতা

বাহঁজানীৰ চান্দুকুছি শংকৰদেৱ শিশু নিকেতনৰ ৰুপালী জয়ন্তীৰ সামৰণি

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা ,নলবাৰী :নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত চান্দুকুছিত ১৯৯৪ চনতে প্ৰয়াত দ্বিজেন্দ্ৰ মল্ল বৰুৱাৰ স্মৃতিত তথা অঞ্চলটোৰ শিক্ষাসেৱী ৰাইজৰ প্ৰচেষ্টাত চান্দুকুছি শংকৰদেৱ শিশু নিকেতন ভূমিষ্ঠ হৈছিল আৰু এই শিক্ষানুষ্ঠান খনে যোৱা ২০১৮ চনত পশিছ বছৰ সম্পূৰ্ণ কৰিছে। তদুপলক্ষে শিক্ষানুষ্ঠান খনৰ যোৱা কালিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰুপালী জয়ন্তী সমাৰোহ আজি সামৰণি পৰে। দুপৰিয়া উদযাপন সমিতিৰ সভাপতি ডঃ বিপ্লৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই কয় যে যি এটা বাক্য যথাৰ্থ শব্দ নিৰ্বাচন কৰিব পাৰে সেয়াই লিখক। এজন অসমীয়া হিচাপে মাতৃভাষা অধ্যয়ন নকৰিলে ভাষাটো বিপদত পৰিব। আমি মাতৃভাষা পাহৰি গলে জীৱনত চৰম পৰাজয়ৰ সন্মুখীন হম বুলি দোহাৰে। সভাত আৰ এছ এছৰ শীৰ্ষ নেতা বশিষ্ট বুজৰবৰুৱাই কয় যে আমাৰ সমাজৰ প্ৰতিজন অভিভাবক অভিভাবিকাই নিজৰ সন্তানক চিকিৎসক, অভিযন্তা কৰিব বিচাৰে। কিন্তু বিদ্যাভাৰতীৰ অন্তৰ্গত শিক্ষানুষ্ঠান সমূহে দেশ ভক্ত সু নাগৰিক গঢ়াৰ ক্ষেত্ৰত হে গুৰুত্ব দিয়ে। দেশমাতৃৰ প্ৰতি শ্ৰদ্ধাৰ বাবে বিদ্যাভাৰতীয়ে এয়া সম্ভৱ কৰি তুলিছে। অকল আন্দোলন – অসম বন্ধ দিলেই অসমীয়া জাতি ভাষাক কোনেও অস্তিত্বৰ সংকটৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে।ইয়াৰ বাবে প্ৰয়োজন নিজৰ ঘৰখনত মাতৃভাষাৰ প্ৰয়োগ শুদ্ধ ভাবে কৰা আৰু প্ৰয়োজন সাপেক্ষে গাৱে গাৱে মাতৃভাষা শুদ্ধকৈ কবলৈ কৰ্মশালা কৰিব লাগিব বুলি দোহাৰে। সভাত ৰাজ্যৰ জলসিঞ্চন, ৰাজহঁ মন্ত্ৰী ভৱেশ কলিতাই ভাষনত মাতৃভাষাৰ শিক্ষানুষ্ঠানত সন্তানক পঢ়াবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে অঞ্চলটোৰ অভিভাবক সকলে মাতৃভাষাৰ বিদ্যালয় শংকৰদেৱ শিশু নিকেতনত পঢ়োৱা বাবে ধন্যবাদ জ্ঞাপন কৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ মল্ল বুজৰবৰুৱাই আদৰণী ভাষন ৰখা আৰু শিক্ষক জয়ন্ত শৰ্মাই আতঁ ধৰা সভাত শিশু শিক্ষা সমিতিৰ অসম সংস্কৃত বিভাগৰ ক্ষেত্ৰীয় আৰু প্ৰান্তীয় প্ৰমুখ জীৱন বৰা , বিশিষ্ট চিকিৎসক ডাঃ বসন্ত বৈশ্য,বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, সম্পাদক অমিয় কুমাৰ ভূঞাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে ১ অক্টোবৰৰ কাৰ্যসূচী মতে ৰাতিপুৱা ৭ বজাত পৰিবেশ নিকাকৰণ। ৭ •৩০ বজাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্ৰ কাৰ্য্যবাহ ডাঃ উমেশ চক্ৰৱৰ্তীয়ে বন্তি প্ৰজ্বলন আৰু দ্বীপ বন্দনা পৰিবেশ কৰি অনুষ্ঠানৰ আৰম্ভ কৰে। ইয়াৰ পিছতে সমাৰোহৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ডঃ বিপ্লৱ ডেকাই । লগতে পচিশ গৰাকী বিশিষ্ট ব্যক্তিয়ে আন পচিশ খন পতাকা উত্তোলন কৰে । ৯ বজাত শ্বহীদ তৰ্পন কৰে অৱসৰী শিক্ষক প্ৰকাশ ডেকাই, স্মৃতি তৰ্পন কৰে অৱসৰী শিক্ষক ত্ৰৈলোক্য মল্ল বুজৰবৰুৱাই, ৰুপালী জয়ন্তীৰ স্মৃতি তোৰণ উন্মোচন কৰে শিশু শিক্ষা সমিতিৰ নলবাৰী বিভাগৰ নিৰীক্ষক অখিল শৰ্মাই, ৰভাথলী উন্মোচন কৰে বিশিষ্ট চিকিৎসক ডাঃ বসন্ত বৈশ্যই, গ্ৰন্থ মেলা উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই আৰু প্ৰদৰ্শনী উন্মোচন কৰে নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মাই। ১০•৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। আবেলি ৩ বজাত গুৰু সম্বৰ্ধনা। ইয়াৰ পিছতে অনুষ্ঠিত সতীৰ্থ সন্মিলন খনি উদ্বোধন কৰে নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। অনুষ্ঠানত বিশিষ্ট আলোহী হিচাপে অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামী আৰু জিলা সাহিত্য সভাৰ উপ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সান্ধ্য বন্দনা , শাৰদীয় গীত মাত। অনুষ্ঠান উদ্বোধন কৰে শিক্ষাবিদ ফণীধৰ ডেকাই। আমন্ত্ৰিত অতিথি হিচাপে অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্ত আৰু সমাজকৰ্মী কুশল তালুকদাৰে উপস্থিত থাকে । অনুষ্ঠানত অঞ্চলটোৰ শৈক্ষিক ৰাইজৰ উপস্থিতি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ধৰণী মল্ল বুজৰবৰুৱা,অজিত ডেকা,মুখ্য সম্পাদক সুভাষ শৰ্মা, সম্পাদক অভিজিত মল্ল বুজৰবৰুৱা, সীমান্ত মল্ল বুজৰবৰুৱা, নলিনী চৌধুৰী দ্বীপেন ডেকা সহ উদ্যোক্তা সকলে শ্ৰদ্ধাৰে শলাগ লৈছে ।

Related Articles

Leave a Reply

Close