অসমশীৰ্ষ

মৰিগাঁৱৰ কপাহেৰাত চিবিআইৰ অভিযানঃ চি আৰ পি এফ জোৱানৰ বাসগৃহৰ পৰা জব্দ বহু নথি পত্ৰ

প্ৰথম মৰিগাঁও :মৰিগাঁও জিলাৰ কপাহেৰাত আজি চিবিআইৰ এটি দলে এজন চি আৰ পি এফ জোৱানৰ বাসগৃহত অভিযান চলাই বহু নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।প্ৰাপ্ত অভিযোগ মতে ছতিশগড়ত বৰ্তমানে কৰ্মৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান পল্লৱ জ্যোতি ফুকনে বহুদিন ধৰি চাইবাৰ ক্ৰাইমত জড়িত হৈ বহু লোকৰ পৰা ধন লুট কৰি আহিছিল । সেই অভিযোগৰ ভিত্তিত চিবিআইৰ এটি দলে কপাহেৰাস্থিত জোৱান জনৰ বাসগৃহত আজি পুৱা ৮ বজাত উপস্থিত হৈ প্ৰায় চাৰিঘণ্টা যোৱা অভিযান চলায় ।অভিযানৰ সময়ত চিবিআইৰ দলটোৱে বেংক পাছ বুক, মাটিৰ নথি পত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰে। উল্লেখ যে ছতিশগড়ত নিয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান পল্লৱ জ্যোতি ফুকনে বিগত বহুদিন  চাইবাৰ অপৰাধ জগত খনৰ জৰিয়তে বহুলোকৰ পৰা ধন লুট কৰি বিশাল সা-সম্প্ৰতিৰ গৰাকী হৈ পৰিছিল । জোৱান জনৰ বিৰুদ্ধে বহুদিন ধৰি উত্থাপন হৈ অহা চাইবাৰ অপৰাধৰ অভিযোগৰ প্ৰকৃত সত্য পৰবৰ্তী তদন্ত কালত পোহৰলৈ আহাৰ সম্ভাৱনা আছে ।এই খিনিতে সাধাৰণ জনতাৰ মাজত বিভিন্ন প্ৰশ্নৰ উদ্ভাৱন হৈছে যে এজন জোৱান যদি এনেধৰণৰ অপৰাধ মূলক কাৰ্যৰ লগত জড়িত হয় তেন্তে জনসাধাৰণৰ নিৰাপত্তা কোনে দিব৷ আনহাতে জিলা খনৰ নাতি দূৰৈত অৱস্থিত কপাহেৰা অঞ্চলত পুৱাতেই চিবিআইৰ এটা দলে তালাচী চলোৱাৰ কাৰ্যই অঞ্চলজোৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Related Articles

Leave a Reply

Close