
প্ৰথম-খবৰ,বগৰিবাৰী:বহুতো জল্পনা-কল্পনাৰ অন্তত শেহতীয়াকৈ পশ্চিম বিলাসীপাৰাৰ নায়েৰ আলগাত বিজেপিৰ মণ্ডল কমিটি খন গঠণ হয় । পূৰ্ণ পৰ্যায়ৰ কমিটি খন গঠণ হোৱা নাই যদিও পূৰ্বৰ কমিটি বাতিল কৰি দলৰ উধৰ্বতম কৰ্তৃপক্ষ’ই শগুণমাৰী গাও পঞ্চায়তৰ ময়নুল হকক নৱ সভাপতি ৰূপে ঘোষণা কৰে ।লগতে নায়েৰ আলগা বিজেপিৰ নৱ মণ্ডল সভাপতি জনক শুভাকাংখী ৰাইজে ফুলাম গামোছাৰে আদৰণি জনাই দীৰ্ঘায়ু কামনা কৰে ।