অসমশীৰ্ষ

বগৰিবাৰী বন্দৰান কালী মন্দিৰত ৭৫ তম শ্ৰী-শ্ৰী তাৰক ব্ৰম্মৰ মহানাম যজ্ঞ, লীলাকীৰ্ত্তণৰ ব্যপক প্ৰস্ত্ততি

প্ৰথম খবৰ,বগৰিবাৰী: আন আন বছৰৰ দৰে এই বেলিও বগৰিবাৰী বন্দৰান কালী মন্দিৰ প্ৰাঙ্গণত ৭৫তম বৰ্ষপূতি প্লাটিনাম জয়ন্তী উপলক্ষ্যে শ্ৰী-শ্ৰী তাৰক ব্ৰম্ম মহানাম যজ্ঞানুষ্ঠান, আৰু লীলা কীৰ্ত্তণ অনুষ্ঠানৰ প্ৰস্ত্ততি প্ৰায় সম্পন্ন হৈ উঠিছে । আঠ (৮) দিনীয়া কাৰ্যসুচীত অনুষ্ঠিত হ’বলগীয়া যজ্ঞানুষ্ঠানৰ শুভাৰম্ভৰ পূৰ্বে ২৩ কাৰ্ত্তিক সন্ধিয়া ৬ টাৰ পৰা ৩০ কাৰ্ত্তিক ৮টা লৈকে ভাগৱাত পাঠ । ১৭ নবেম্বৰ বিয়লি দুই বজাত বৰ্ণাঢ্য শোভাযাত্ৰা, চাৰি(৪) বজাত গঙ্গা আনায়ন, নিশা ন- বজাৰ পৰা মহাপ্ৰভূৰ অধিবাস । ১৮/১৯/২০/২১ নবেম্বৰ লৈ চাৰি (৪) দিন ব্যাপী তাৰক ব্ৰম্মৰ মহানাম যজ্ঞানুষ্ঠান পৰিবেশনা কৰিব ২৫হাত কালীবাৰী যুব গৌৰ সম্প্ৰদায়, (বগৰিবাৰী) বনমালী সম্প্ৰদায়, (কামাক্ষ্যাগুৰী) বিজয় লক্ষ্মী সম্প্ৰদায়, (আলিপুৰদুৱাৰ) গৌৰ ভক্ত সম্প্ৰদায়, (তামাৰহাট) ৰাধা গোবিন্দ সম্প্ৰদায়, (মহামায়া ধাম) । ২২ আৰু ২৩ নবেম্বৰত প্ৰাঞ্জল ভাষা আৰু মায়ামহ সুৰ সংগমে ৰাধা-গোবিন্দৰ লীলাৰস আস্বাদন তথা লীলা কীৰ্ত্তণ পৰিবেশনা কৰিব ৰিমি দাস বৈৰাগ্য, (মুৰ্শিদাবাদ) শ্ৰী সত্যজীৎ পাইন, (বীৰভূম) শ্ৰী কৃষ্ণ দাস মূখাৰ্জী, (বীৰভূম) । ২৪ নবেম্বৰ মহাপ্ৰভূৰ ভোগ প্ৰসাদ বিতৰণ হ’ব বুলি পৰিচালনা সমিতিৰ সভাপতি, নাৰায়ণ পাল, উপ সভাপতি- বলৰাম পাল, সম্পাদক- তাপস ঘোষ, (বাপ্পী) সহ সম্পাদক- দেবাশিষ দাস, (বাপ্পা) য়ে এই সংক্ৰান্তে সকলো ৰাইজৰ সহায় সহযোগীতা কামনা কৰি নিমন্ত্ৰণি শৰাই আগবঢ়াই এক বিজ্ঞপ্তিৰ যোগে আমাক জানিব দিয়ে ।

Related Articles

Leave a Reply

Close