
প্ৰথম, খবৰ অমিত বনিক,ঢেকীয়াজুলি:ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত কবি কবীন্দ্ৰ কুমাৰ দাসৰ “তেজে ধোঁৱা সময়ৰ কবিতা “আৰু কিশোৰ কবি নৱম মান শ্ৰেণীৰ ছাত্ৰ আছিকুল ইছলামৰ সপোনৰ প্ৰেমত মতলীয়া কবি মই “উন্মোচন কৰে ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই ৷
উল্লেখযোগ্য যে ঢেকিয়াজুলি শাখা সাহিত্য সভাই ইতিমধ্যেই চলিত বৰ্ষত তিনিখনকৈ গ্ৰন্থ প্ৰকাশ কৰি এক ইতিবাচক বতৰা কঢ়িয়াই আনিছে ৷অসম আন্দোলনৰ লগত ওতঃপ্ৰোতঃভাবে জৰিত তথা ঢেকিয়াজুলিৰ নেতাজী বিদ্যা মন্দিৰ বিদ্যালয়ৰ ভাষা শিক্ষক কবি কবীন্দ্ৰ কুমাৰ দাসৰ প্ৰথমখন কাব্যগ্ৰন্থ “আন্ধাৰত মোৰ দেশ আৰু প্ৰেমৰ কবিতা”ৰ পিছত দ্বিতীয়খন কাব্যগ্ৰন্থ “তেজে ধোঁৱা সময়ৰ কবিতা” সম্পৰ্কত অনুভৱ ব্যক্ত কৰি কয় যে, এই কবিতা স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা ৷পাৰ হৈ যোৱা তেজে ধোৱা সময়ক অভিজ্ঞতাৰ মাপকাঠিৰে ধৰি ৰখাৰ প্ৰয়াস “তেজে ধোৱা সময়ৰ কবিতা “বুলি জনায় কবিগৰাকীয়ে৷আনহাতে নৱম মান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ কবি আছিকুল ইছলামে “সপোনৰ প্ৰেমত মতলীয়া কবি মই” কবিতা পুথি ৰচনা সন্দৰ্ভত অনুভৱ প্ৰকাশ কৰি কয় যে , সঁচাকৈয়ে মই দেশক লৈ সপোন দেখো৷অসমখনক একত্ৰিত কৰাৰ প্ৰয়াস কবিতাৰ জৰিয়তে কৰা বুলি অনুভৱ ব্যক্ত কৰি প্ৰৱঞ্চিত ,প্ৰতাৰিত অসমবাসীৰ হকে লিখা এই কবিতা পুথিখন পাঠক সমাজে সাদৰেৰে আদৰি ল’ব বুলি তেওঁ প্ৰৱল আশাবাদী বুলি অনুভৱ ব্যক্ত কৰে ৷কবিতা পুথিখনৰ জৰিয়তে সম্প্ৰীতিৰ প্ৰোজ্জ্বল নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে কিশোৰ কবিগৰাকী৷ঢেকিয়াজুলি প্ৰেছ ক্লাবত আয়োজিত সভাখনত ঢেকিয়াজুলি শাখা সাহিত্য সভাই এই বৰ্ষটোত ১০ খন গ্ৰন্থ প্ৰকাশৰ বাবে পৰিকল্পনা গ্ৰহণ কৰাৰ কথা জনায় সভাপতি ধ্ৰুৱ ভূষণ মহন্তৰ লগতে সম্পাদক ড° হৰিপ্ৰসাদ বৰুৱাই।