অসম

উত্তৰ গুৱাহাটীৰ আঠগাৱত পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু

পঙ্কজ নাথ, চাংসাৰি : কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ আঠগাৱত ৰবিবাৰে সন্ধিয়া ঘটা এটা পথ দুৰ্ঘটনাত এগৰাকী মহিলা গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হয় । চলন্ত স্কুটিৰ পৰা বাগৰি পৰিছিল মহিলা গৰাকী । গুৰুত্বৰ ভাবে আঘাট প্ৰাপ্ত মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কালি মৃত্যু হয় মহিলা গৰাকীৰ।

মদেই যেন কাল হল মহিলা গৰাকীৰ। খবৰ অনুসৰি ৰবিবাৰে সন্ধিয়া বনলতা দাস নামৰ এগৰাকী যুৱতীৰ সৈতে স্কুটিত সাবিত্ৰী বসুমতাৰী নামৰ মহিলা গৰাকী আহিছিল এ টি এম লৈ । অতিমাত্ৰা মদ্যপান কৰি গাড়ী চলোৱা বনলতাৰ নিয়ন্ত্ৰণ হেৰোৱাৰ ফলত চলন্ত গাড়ীৰ পৰা উলাই পৰে সাবিত্ৰী বসুমতাৰী ।

যাৰ ফলত সাবিত্ৰী বসুমতাৰী নামৰ মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে । মৃত সাবিত্ৰী বসুমতাৰীৰ মৃত দেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত ইতিমধ্যে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে ইয়াৰ ওপৰত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

এতিয়া উক্ত বিষয় সন্দৰ্ভত একাংশ ৰাইজে আৰক্ষীলৈ প্ৰশ্ন তুলিছে যে লকডাউন ও কাৰ্ফিউ ভংগ কৰি তথা মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত মৃত্যু হোৱা সাবিত্ৰী বসুমতাৰীৰ মৃত্যুৰ বাবে কিছু পৰিমাণে হলেও দায়ী বনলতা দাসৰ ওপৰত কিবা ব্যৱস্থা হবনে। নে আৰক্ষীয়ে এয়া দুর্ঘটনা বুলিয়েই তদন্তৰ নামত তদন্ত কৰি দায়িত্ব সামৰিব সেয়াহে লক্ষণীয় হব।

Related Articles

Leave a Reply

Close