অসম

এনৰেগা শ্ৰমিক- মৎস্যজীৱি -কৃষকক সাহায্যৰ দাবী

বাহঁজানীৰ পূৱ কালাকুছিত কৃষকৰ প্ৰতিবাদ

প্ৰথম খবৰ ,নলবাৰী ,১৪ মে :- অসম ৰাজ্যিক কৃষক সভাৰ অন্তৰ্ভুক্ত নলবাৰী জিলাৰ বাহঁজানীৰ পূৱ কালাকুছি প্ৰাথমিক কৃষক সভাৰ উদ্যোগত আজি বৃহস্পতিবাৰে চৰকাৰে ঘোষিত লকডাউনৰ নীতি নিয়ম মানি বিভিন্ন দাবীৰ ভিত্তিত প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদী কৃষক সকলে কৃষক, মৎস্যজীৱিক উপযুক্ত
সাহায্য প্ৰদান কৰক, এম জি এনৰেগাৰ কাম পুনৰ চালু কৰক,ভোকাতুৰ জনতাক খাদ্য সামগ্ৰী প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰে। পূৱ কালাকুছি প্ৰাথমিক কৃষক সভাৰ সম্পাদক তপছেৰ আলী আতঁ ধৰা প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী আঞ্চলিক কৃষক সভাৰ সম্পাদক ৰাজীৱ আলীয়ে ভাষনত কয় যে চৰকাৰে নিতৌ বিভিন্ন আঁচনি বা প্ৰকল্প ঘোষণা কৰি আছে যদিও সৰ্বসাধাৰণ ৰাইজৰ লগতে দেশৰ অৰ্থনীতিৰ অন্যতম কৃষক সকলে প্ৰকৃততে সাহায্য লাভ কৰা নাই। দক্ষিণ বাহঁজানী অঞ্চলত বৃহৎ বৃহৎ মীন মহল আছে। কিন্তু লকডাউনৰ বাবে মীন পালক সকলে মাছ বিক্ৰী কৰিব নোৱাৰি পৰিয়াল চলোৱাত সমস্যাত পৰিছে। তেনেদৰে এম জি এনৰেগা আচঁনিৰ কাম বন্ধ হৈ গৈছে। ফলত শ্ৰমিক সকলে এবেলা ভাত খোৱাৰ বাবে চিন্তাত পৰিছে। অথচ চৰকাৰে নানা সাহায্য দিয়া বুলি বিজ্ঞাপন দি আৰু সংবাদ মাধ্যমৰ দ্বাৰাই প্ৰচাৰ চলাই আছে বুলি দোহাৰি তেওঁ কয় যে কৃষকক সাহায্য নামতো ভেকোঁভাওনা হল। প্ৰকৃত কৃষকে সাহায্য নোপোৱা বুলিও অভিযোগ কৰে। কৃষক নেতা গৰাকীয়ে চৰকাৰক শীঘ্ৰে কৃষক, শ্ৰমিক আৰু মৎস্যজীৱি ৰাইজক সাহায্য প্ৰদান আৰু এনৰেগা আঁচনিৰ কাম পুনৰ আৰম্ভ কৰাৰ দাবী তোলে ভাষনত।

Related Articles

Leave a Reply

Close