অসম

কঁপিলী নদীৰ সংহাৰী ৰূপ। শ শ কৃষি ভূমি প্লাবিত-গৃহহাৰা বহু পৰিয়াল পশ্চিম কাৰ্বি আংলঙত

খেৰণিৰ পৰা কনক দেউৰী : ভয়ংকৰ কভিত-১৯ মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা আমাৰ ৰাজ্যখনো যুজঁ দি আহিছে মহামাৰী কৰণা’ক প্ৰতিহত কৰাক লৈ। এই অদৃশ্য কভিত-১৯ ক পৰাস্ত কৰাৰ বাবে চৰকাৰে চতুৰ্থ পৰ্যায় লকডাউন বলবৎ কৰিছে।

যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজে জীয়াটো ভুগিব লগা হৈছে। আৰু তেনে এক পৰিস্থিতিৰ সময়তে কেইবাদিন ধৰি পৰা নেৰা-নেপেৰা বৰষুণ ফলত কঁপিলী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে পশ্চিম কাৰ্বি আংলঙৰ বহু অঞ্চল। মেঘালয়ৰ পৰা বৈ অহা কঁপিলী নদীৰ বাঢ়নী পানীয়ে ডিমা হাছাও জিলাৰ উমৰাংছ সংযোগী উত্তৰ-পূব পৰিষদৰ পথৰ কেইবা ঠাইত বিস্তৰ ক্ষতি সাধন কৰিছে।

ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানা অন্তৰ্গত আৰনাম টেপ্লং,খেৰণি নেপালী বস্তি, দাস বস্তি, মাইমাৰো, বগৰিঘাত, শিলডুবি, মেনমীজী আৰু ডংকামোকাম আৰক্ষী চকী অন্তৰ্গত ডেৰামুখ,  টুমপ্ৰেঙ আদি অঞ্চলত কঁপিলী নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সম্প্ৰতি প্লাৱিত কৰি পেলাইছে।

আনহাতে হোজাই জিলাৰ অন্তৰ্গত লংকা ৰাজচক্ৰ এলেকাধিন অঞ্চল আঠাইছোঁ আৰু মাণ্ডুলি নামৰ বৃহৎ দুখন গাঁৱো এতিয়া বানৰ কবলত পৰিছে। অৱশ্যে  উক্ত দুখন গাৱঁৰ প্ৰায় দুই শতাধিক পৰিয়ালে গাঁৱত পানী সোমোৱাৰ মুহূৰ্ততে সকলোয়ে নিৰাপদ স্থানলৈ গৈ আশ্ৰয় লৈছে যদিও অস্থায়ী শিবিৰ পাতিবলৈ স্থান বিচাৰি হাহাকাৰ কৰিব লগা হৈছে।

কাৰণ ওচৰ চুবুৰিয়াত থকা বিদ্যালয় সমূহত কভিত-১৯ মহামাৰীৰ আশংকা থকা বহিঃৰাজৰ পৰা অহা লোক সকলক আছুটীয়াকৈ ৰখাৰ বাবে ইতিমধ্যে বিদ্যালয়সমূহ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে চিহ্নিত কৰি ৰখা হৈছে।

ফলত: দুই এখন বিদ্যালয়তে সকলো বানাক্ৰান্ত ৰাইজে অস্থায়ী শিবিৰ পাতি  আশ্ৰয় লবলগা হৈছে। ইফালে কভিত-১৯ মহামাৰীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰাখিব লাগে যদিও বানপানীৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত আশ্ৰয় শিবিৰৰ অভাৱত সকলো গাঁৱৰ ৰাইজে একেলগে একত্ৰিত হৈ গাতে গা মিলাই থাকিব লগাত পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাইজৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে এনেবোৰ পৰিস্থিতিক লৈ।

Related Articles

Leave a Reply

Close