অসম

কাজিৰঙাত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক শাৰীৰিকভাৱে অপদস্থ কৰা কাৰ্য্যক তিব্ৰ গৰিহণা-বাদুলিপাৰ আঞ্চলিক সাংবাদিক সন্থাৰ

বাদুলিপাৰ, প্ৰথম খবৰ ১৫ মে’:- যিসময়ত সমগ্ৰ বিশ্বৰ জনসাধাৰণ কৰ’ণা মহামাৰীৰ আতংকত আতঙ্কিত হৈ লক ডাউন মানি ঘৰৰ ভিতৰতে নিজকে আৱদ্ধ কৰি ৰাখি নিজৰ নিজৰ জীৱন সুৰক্ষিত কৰি ৰাখিছে সেইসময়তেই অন্যান্য জৰুৰীকালীন সেৱা সমূহৰ সমান্তৰালভাৱে সংবাদকৰ্মী সকলেও নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি সৰ্বসাধাৰণ ৰাইজক প্ৰকৃত তথ্য তথা সজাগ কৰি তোলাৰ বৃহৎ স্বাৰ্থত অহৰ্নিশে ব্যস্ত আছে ৷
এটাৰ পাছত এটাকৈ চিনাক্ত হোৱা কৰ’ণাত আক্ৰান্ত ৰোগীৰ ক্ৰমবৰ্ধমান খবৰে ভয়াবহ ৰূপ লোৱাৰ সময়ত অসমৰ সংবাদকৰ্মী সকলেও নিজৰ জীৱন বিপন্ন কৰিও প্ৰকৃত তথ্যৰে জনগণক সজাগ কৰি তোলাৰ বাবে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ স্বয়ং মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল , স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংবাদকৰ্মী সকলৰ এই প্ৰচেষ্টাক আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰিছে । তেনে সময়তে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াই দুদিন পুৰ্বে কাজিৰঙাত মুখ্যমন্ত্ৰীৰ এক কাৰ্যসূচীত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিক ৰঞ্জিত ৰজকক শাৰীৰিকভাৱে অপদস্থ কৰা কাৰ্যক বাদুলিপাৰ আঞ্চলিক সাংবাদিক সংস্থাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ইয়াৰ এক উচিত বিচাৰ কামনা কৰিছে ৷ উল্লেখ্যযে কালি কাজিৰঙাৰ কঁহৰাস্থিত আয়’ৰা ৰিজৰ্টত অনুষ্ঠিত এক পৰ্যালোচনা সভাত অংশগ্ৰহণৰ উদ্দেশ্যে কাজিৰঙালৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কাজিৰঙাৰ কঁহৰাস্থিত আৰক্ষী গেষ্ট হাউচত প্ৰবেশ কৰা সময়তেই ইলেকট্ৰিক চৰ্ট চাৰ্কিটৰ ফলত গেষ্ট হাউচটোৰ পাকঘৰত অতৰ্কিতে জুই জ্বলি উঠে ৷ ঘটনাৰ সম্ভেদ পাই কাজিৰঙাৰ নিউজ লাইভৰ ব্যুৰ চিফ তথা নিয়মীয়া বাৰ্তাৰ প্ৰতিবেদক, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংস্কৃতিক সম্পাদক তথা কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক ৰঞ্জিত ৰজক বাতৰি সংগ্ৰহৰ বাবে ততালিকে ঘটনাস্থলীত উপস্থিত হয়গৈ ৷ কিন্তু এই উদ্ধত প্ৰকৃতিৰ উপ – আৰক্ষী অধীক্ষকজনে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিক গৰাকীৰ লগতে তেখেতৰ কেমেৰা পাৰ্চনক গতিয়াই গেটৰ বাহিৰলৈ উলিয়াই পঠিয়াই ৷ আৰক্ষী বিষয়াজনৰ এনে কাৰ্যক গৰিহণা দিছে অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সংস্থা , কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা আৰু কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই ৷ জিলাখনৰ সচেতন মহলে এতিয়া প্ৰশ্ন তুলিছে , ইতিপূৰ্বেও গোলাঘাট জিলাৰ বহু সাংবাদিকক অপমানিত কৰিও এই জিলাতে দীৰ্ঘদিন কৰ্মৰত হৈ দপদপাই ফুৰিবলৈ সক্ষম হোৱা ওপৰমহলৰ আশীৰ্বাদপুষ্ট এইজন উপ – আৰক্ষী অধীক্ষকক নাকী লগাবলৈ সক্ষম হ’বনে সংশ্লিষ্ট উৰ্ধতম কৰ্তৃপক্ষ ? সাম্প্ৰতিক সময়ত চৰকাৰখনক সৰ্বতোপ্ৰকাৰে সহযোগিতা কৰি অহা সাংবাদিক সকলক কৰা এনে অশোভনীয় আচৰণৰ বাবে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰৰণ কৰে সেয়াহে এতিয়া লক্ষণীয় হ’ব ৷

Related Articles

Leave a Reply

Close