অসমশীৰ্ষ

কাজিৰঙাত মুখ্যমন্ত্ৰী সোনোৱাল

গঁড় হত্যা কৰা চোৰাং চিকাৰিক ধৰিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

প্ৰথম খবৰ, ৰত্নেশ্বৰ মৰাং, বোকাখাত :- আগন্তুক বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ সন্দৰ্ভত কাজিৰঙাত বনবিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া পাঁচ খন জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক ৷কাজিৰঙাৰ আয়’ৰা ৰিজৰ্টত অনুষ্ঠিত বৈঠকৰ অনন্ত আয়োজন কৰা এক সংবাদ মেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে বানপানীৰ সময়ত চোৰাং চিকাৰীৰ লগতে বানাক্ৰান্ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ৩০০খন হাত নাও,১৮ খন মেচিন নাও সাজু কৰা হৈছে ৷চোৰাং চিকাৰী প্ৰতিহত কৰাৰ বাবে বনকৰ্মী সকলক অত্যাধুনিক অস্ত্ৰ সস্ত্ৰ যোগান দিয়া হ’ব বুলি সংবাদ মেলত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷লগতে তেওঁ কয় যে বানপানীৰ সময়ত কৰ্তব্য পালনৰ বাবে অন্যস্থানৰ পৰা বনকৰ্মী নিয়োগ কৰা হ’ব ৷আনহাতে কাজিৰঙাত কিছুদিনৰ পূৰ্বে সংঘটিত হোৱা গঁড় হত্যাত জড়িত চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে ৷ইতিমধ্যে বহু চোৰাং চিকাৰীক আদালতে শাস্তি প্ৰদান কৰিছে ৷কৰোনাৰ সন্দৰ্ভত তেওঁ কয় যে কৰোনাৰ পৰা বাচিবলৈ সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাত অতি প্ৰয়োজন ৷মুখ্যমন্ত্ৰীয়ে কয় যে আনৰাজ্যৰ পৰা অহালোকক কোৱাৰেন্টাইন কৰাৰ বাবে জিলাই জিলাই ব্লক পৰ্যায়ত কেন্দ্ৰ গঠন কৰা হ’ব ৷বিদেশত থকা লোক সকলে দূতাবাসৰ লগত যোগাযোগ কৰিব লাগিব ৷ বৈঠকত মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱ,বনমন্ত্ৰী পৰিমল শুক্লবদ্য,কৃষিমন্ত্ৰী অতুল বৰা ,জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁও ,গোলাঘাট,কাৰ্বিআংলঙ,বিশ্বনাথ ,শোনিতপুৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close