অসমশীৰ্ষ

কাজিৰঙাৰ কহঁৰাৰ কোৱাৰেইন্টাইন কেন্দ্ৰত দুজন ব্যক্তিৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি

দুয়োকে গোলাঘাটলৈ প্ৰেৰণ : বোকাখাতত আজিৰে পৰা কোৱাৰেইন্টাইন কেন্দ্ৰ

প্রথম খবৰ, ৰত্নেশ্বৰ মৰাং বোকাখাত: কাজিৰঙাৰ কহঁৰাৰ অৰণ্য নামৰ অতিথিশালাত মুকলি কৰা কভিড ১৯ ৰ কোৱাৰেইন্টাইন কেন্দ্ৰত ১৬ মে’ পৰা ৰখা দুজন লোকৰ শৰীৰত কভিড ১৯ ধৰা পৰিছে ৷ যোৱা ১৬ মে’ ত চেন্নাইৰ পৰা অহা এই লোক দুজন জনক ধনশিৰি মহকুমাৰ কাছমাৰীৰ ৰূপম বৰা আৰু উৎপল বৰা বুলি জানিব পৰা গৈছে ৷

যোৱা ১৬ মে’ত কহঁৰাৰ অৰণ্য ল’জত কোৱাৰেইন্টাইন কৰা যুৱক দুজনৰ নমুনা সংগ্ৰহ কৰি যোৰহাটৰ কভিড ১৯ পৰীক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু আজি এই পৰীক্ষাত দুয়োৰে শৰীৰত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰা বুলি বিভাগীয় তথ্যত প্ৰকাশ পাইছে ৷ দুয়োজন যুৱকক সম্প্ৰতি কহঁৰাৰ অৰণ্য লজৰ কোৱাৰেইন্টাইন কেন্দ্ৰৰ পৰা গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে ৷

উল্লেখ্য যে কাজিৰঙাৰ কহঁৰাৰ বনশ্ৰী আৰু অৰণ্য নামৰ বিভাগীয় ল’জ দুটাক ইতিমধ্যেই কোৱাৰেইন্টাইনৰ কেন্দ্ৰ কৰা হৈছে ৷ ইয়াৰে বনশ্ৰীত বাহিৰৰ পৰা অহা ৯ জন লোকক আৰু অৰণ্যত ২০ লোকক কোৱাৰেইন্টাইন কৰি ৰখা হৈছে ৷

ইফালে বোকাখাত নগৰত থকা উদ্যোগ আৰু বানিজ্য বিভাগৰ অধীক্ষকৰ কাৰ্যালয় ভৱন আৰু জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ নিৱাসক আজিৰে পৰা কভিড ১৯ ৰ কোৱাৰেইন্টাইন কেন্দ্ৰ কৰা হৈছে৷

লগতে কহঁৰাৰ লকচা পৰ্যটন নিৱাস আৰু ৱাহ কাজিৰঙা নামৰ ল’জকো আজিৰে পৰা কোৱাৰেইন্টাইন কেন্দ্ৰ কৰি বৰ্হি ৰাজ্যৰ পৰা অহা লোকক ৰখা হ’ব বুলি মহকুমাধিপতি বিবেক শ্যামে জনাইছে ৷ বোকাখাতৰ উদ্যোগ আৰু বানিজ্য বিভাগৰ কাৰ্যালয়ত ৩২ জন আৰু জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ নিৱাসত ৩০ জন মান লোকক কোৱাৰেইন্টাইন কৰা হব বুলি মহকুমাধিপতিয়ে জনাইছে ৷

Related Articles

Leave a Reply

Close