অসমশীৰ্ষ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী আৰু যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ বাবে ১৪৪ ধাৰা

প্ৰথম খবৰ, ৰত্নেশ্বৰ মৰাং, বোকাখাত : আগন্তক বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতৰ মহকুমা দণ্ডাধীশ বিবেক শ্যামে তৎক্ষনিকভাবে বলৱৎ হোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰীৰ পৰা বাগৰি পৰ্যন্ত এলেকাত ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিশেধাজ্ঞা জাৰি কৰিছে।

এই নিৰ্দেশ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কোনো যানবাহন ৪০ কি. মিৰতকৈ অধিক বেগত চলাব নোৱাৰিব। বানপানীৰ সময়ত ৰাষ্ট্ৰীয় ঘাই পথত আশ্ৰয় লোৱা বন্যপ্ৰাণীসমূহৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰিব।

কজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত কোনো ধৰণৰ মৰনাস্ত্ৰ লৈ চলাফুৰা কৰিব নোৱাৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত থকা ধাবা, হাটেল আদিত গধুৰ যানবাহন আদি ৰখাব নোৱাৰিব।

কোনো ব্যক্তিয়ে উক্ত নিষেধাজ্ঞা ভংগ কৰিলে ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত শাস্তি বিহা হব। অৱশ্যে, এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহন, বন তথা সুৰক্ষা বাহিনীৰ ক্ষেত্রত উক্ত নিয়মাৱলী প্ৰযোজ্য নহয়।

Related Articles

Leave a Reply

Close