অসম

কামৰূপৰ মদনপুৰৰ দেবৰাজ আচাৰ্যৰ দেহত কভিড১৯ ধৰা পৰাৰ খবৰৰ পিছতে উত্তৰ কামৰূপ জুৰি তীব্ৰ চাঞ্চল্য।

দেৱৰাজ আচাৰ্য্যৰ সংস্পৰ্শত অহা লোকৰ সন্ধানত স্বাস্থ্য বিভাগ ।

পঙ্কজ নাথ, চাংসাৰি, ৮ মে : গ্ৰীন জ’নত থকা কামৰূপ জিলাৰ চাংসাৰিৰ সমীপৱৰ্তী মদনপুৰত কালি নিশা এজন ভাৰাতীয় বহিৰাগত লোকৰ দেহত কভিদ ১৯ পজেটিভ ধৰা পৰাৰ পিছতে আজি উত্তৰ কামৰূপত হাহাকাৰ লাগি পৰাৰ লগতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । তাৎপৰ্য পূৰ্ণ যে দেশত যোৱা ৪ এপ্ৰিলৰ পৰা তৃতীয় পৰ্যায়ৰ লক ডাউন আৰম্ভ হয়। এনে সময়ত লক ডাউন আগৰ তুলনাত কিছু শিথিল হোৱাত ৰাজ্যত বাঢ়ি আহিছে কভিদ ১৯ত আক্ৰান্ত লোকৰ সংখ্যা ।উল্লেখ্য যে কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰ এটা চাহপাত কোম্পানীৰ কৰ্মচাৰী দেৱৰাজ আচাৰ্য্য (৪৫)ৰ দেহত কভিদ ১৯ৰ লক্ষন ধৰা পৰাৰ খবৰ ইতিমধ্যে নিশ্চিত হৈছে । প্ৰাপ্ত তথ্য মতে মদনপুৰ গাওঁৰ পঞ্চায়ত কাৰ্যালয় ওচৰৰ ৰূপেশ্বৰ ডেকাৰ ঘৰত ভাৰতীয় হিচাপে থকা দেৱৰাজ আচাৰ্য্য ৬ এপ্ৰিলত কোচবিহাৰৰ শিলিগুৰিৰ পৰা অসম অভিমুখে ৰাওনা হয়। সেই দিনা এঘাৰ বজাত শ্ৰীৰামপুৰত দেৱৰাজ আচাৰ্য্য আৰু দুজন বন্ধুক স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষাৰ নামত মাত্ৰ হাতত ষ্টাম মাৰি পঠিয়াই দিয়ে । ইফালে স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি দেৱৰাজ আচাৰ্য্য সহ বহিৰাগত সকলো লোকক সৰু সজাইৰ কোৱাৰানটাইন চেন্টাৰত ভৰ্তি কৰা হয় যদিও ৬ এপ্ৰিলত কেৱল তেজৰ চেম্পল জমা দি দেৱৰাজ আচাৰ্য্য স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত গুচি আহে মদনপুৰ ভাৰতীয় হিচাপে থকা ৰূপেশ্বৰ দাসৰ ঘৰত । কিন্তু কালি দেৱৰাজ আচাৰ্য্যৰ তেজৰ নমুনাত কভিদ ১৯ৰ ধৰা পৰাৰ লগে লগে তৎপৰ হয় স্বাস্থ্য বিভাগ । ইতিমধ্যে যোৱা নিশা দেৱৰাজ আচাৰ্য্যক ততালিকে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । তদুপৰি দেৱৰাজ আচাৰ্য্য লগত একে লগে অহা গৌতম মিশ্ৰ (৩৭) আৰু বিতু গোপে(২৫)ক শিঙিমাৰি মডেল হাস্পতালৰ কোৱাৰানটাইন চেন্টাৰত ভৰ্তি কৰা হয় । এনেদৰে কামৰূপৰ চাংসাৰিৰ সমীপৰ মদনপুৰত ভাৰতীয় হিচাপে থকা এজন বহিৰাগতৰ দেহত কভিদ ১৯নিশ্চিত হোৱাৰ খবৰ বিয়পি পৰাত স্বাভাবিকতে আতংকিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দা সকলৰ লগতে নিকটবৰ্তী সমগ্ৰ অঞ্চল। এতিয়া স্বাস্থ্য বিভাগে দেৱৰাজ আচাৰ্য্যৰ সংস্পৰ্শত অহা লোকৰ সন্ধান অব্যাহত ৰাখিছে । অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ লগতে চিকিৎসক আৰু স্বাস্থ্য বিভাগ বিষয়া কৰ্মচাৰী সকলে দিনে নিশাই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি অহাত চিন্তিত হৈ পৰিছে ৰাজ্যবাসী । এনে পৰিস্থিতিত লকডাউন শিথিলতাও অন্যতম কাৰণ বুলি সচেতন লোক সকলে মন্তব্য কৰিছে । ৰাজ্য চৰকাৰে লক ডাউনৰ প্ৰভাৱত বহি ৰাজ্যত অথবা বিদেশত আবদ্ধ লোকক অসমলৈ ঘূৰাই অনাৰ বাবে লোৱা পদক্ষেপে অনাগত সময়ত ইয়াতকৈ ভয়ানক বিপদ মাতি আনিব পাৰে বুলি শংকা কৰি সেইসকলক ঘুৰাই অনাৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰি প্ৰথমে তেওলোকক কোৱাৰানটাইন চেন্টাৰত ৰাখি পিছতহে নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছে একাংশ ৰাইজে। আনহাতে অভিযোগ উঠিছে যে ৬ এপ্ৰিলৰ নিশা ভাৰাঘৰলৈ অহাৰ পিছত ৭এপ্ৰিলৰ গোটেই দিনটো দেৱৰাজ আচাৰ্য্য ঘূৰি ফুৰিছিল । যাৰবাবে উত্তৰ কামৰূপ অন্তৰ্গত চাংসাৰি, মদনপুৰ, ডোৰাকহৰা, উত্তৰ গুৱাহাটী, বেজেৰা, দুমুনিচকী আৰু বাইহাটা চাৰিআলিৰ লোকসকল অধিক শংকিত হৈ পৰিছে আৰু উত্তৰ কামৰূপৰ এইবোৰ অঞ্চলত ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি অহাৰ সম্ভাৱনা অধিক বুলি চৰ্চা চলিছে । সেয়েহে চৰকাৰ প্ৰশাসনক লক ডাউন শিথিলতাৰ সময়ত উচিত কাৰ্যপন্থা গ্ৰহণ কৰি সমগ্ৰ অঞ্চলটোত ক’ৰোনা ভাইৰাছ সংক্ৰমণ যাতে নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close