অসম

কৰো’ণা মহামাৰী সংক্ৰমণ ৰোধৰ বাবে দুধনৈত ঘৰে ঘৰে বিতৰণ কৰিব মাক্স,চেনিটাইজ

মাক্স বিতৰণ কেন্দ্ৰ মুকলি কৰিলে স্থানীয় বিধায়ক দীপক কুমাৰ ৰাভাই৷

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, ১৭ মে’ :- সমগ্ৰ দেশত কোভিড-১৯ ৰ সংক্ৰমণে একলাখৰ সীমা অতিক্ৰম কৰিবলৈ মাথো কেইটামান মুহুৰ্তহে বাকী৷ ইতিমধ্যে অসমতো কোভিড-১৯ এ ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ শেহতীয়া তথ্য মতে ৰাজ্যখনত এতিয়ালৈ ৯৫ গৰাকী ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত হৈছে৷ বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতি অহা লোক সকলৰ বাবে অসমবাসী বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ এতিয়াওঁ বহু লোক বহিঃৰাজ্যত আবদ্ধ হৈ আছে৷ এই ক্ষেত্ৰত জিলাই জিলাই কোভিড-১৯ ৰ সংক্ৰমণৰ ৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে জিলা তথা স্থানীয়  প্ৰশাসনে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে গোৱালপাৰা জিলাৰ দুধনৈতো প্ৰশাসনে বিভিন্ন সতৰ্কতা মুলক ব্যবস্থা গ্ৰহণ কৰিছে৷ ইয়াৰ অংশস্বৰূপে দুধনৈত ৰাইজক সকাহ দিয়াৰ লক্ষ্যৰে তৈয়াৰ কৰা হৈছে ৬৮ হাজাৰ মাস্ক৷ দুধনৈ ৩৬ নং(জনজাতি) বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক দীপক কুমাৰ ৰাভা আৰু দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতীয়ে যোৱা ১৫ মে’ত দুধনৈত মাক্স বিতৰণ কেন্দ্ৰ এটা মুকলি কৰে৷ এই কেন্দ্ৰটোৰ জড়িয়তে দুখন ই-ৰিক্সাৰে দুধনৈৰ প্ৰতিঘৰ মানুহক যোগান ধৰা হ’ব মাস্ক, ছেনিটাইজাৰ আৰু বিজাণুনাশক চাবোন ৷ মাৰাত্মক ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মাস্ক আৰু সামাজিক দূৰত্বই হৈছে মূল অস্ত্ৰ ৷ এই উদ্দেশ্য আগত ৰাখিয়ে ৬৮ হাজাৰ মাস্ক তৈয়াৰ কৰি বিতৰণৰ বাবে সাজু হৈছে দুধনৈৰ “অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান”ৰ কেইবাগৰাকী মহিলা তথা আত্মসহায়ক গোট ৷ কুশধোঁৱা জনজাতি উন্নয়ন খণ্ডৰ অভিযান পৰিচালনা গোটৰ মহিলা সকলে ৬৮ হাজাৰ মাস্ক তৈয়াৰ কৰি ৰাইজৰ মাজত বিতৰণ কৰিবলৈ প্ৰস্তুুত হৈছে৷ মাস্ক বিতৰণ কেন্দ্ৰ এটা মুকলি কৰি দুধনৈ সমষ্টিৰ বিজেপি বিধায়ক দীপক কুমাৰ ৰাভাই কয় যে, সতৰ্ক আৰু সাৱধানতাই  হৈছে ক’ৰোনাৰ পৰা হাত সাৰি থাকিব পৰা এক মাত্ৰ উপায়। মহিলা সকলে নিজ নিজ ঘৰতে মাস্ক তৈয়াৰ কৰি দুখনকৈ ই-ৰিক্সাৰ জৰিয়তে ৰাইজক যোগান ধৰিব ৷ প্ৰতিখন মাস্ক ২৫ ৰ পৰা ৩০ টকা মূল্যত ৰাইজক যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে অনুষ্ঠানটোৰ শীৰ্ষ কৰ্মী সকলে৷ অ’ৰেঞ্জ জ’ন গোৱালপৰৰাত থকা প্ৰতিজন লোককে ল’ক ডাউন মানি চলিবলৈ অনুৰোধ কৰে বিধায়ক গৰাকীয়ে ৷ তেওঁ লগতে পুণৰ কয় যে, নিজে সজাগ হওঁক, আনকো সজাগ কৰক আৰু নিজৰ লগতে দেশ তথা ৰাজ্যখনকো ক’ৰোনাৰ পৰা বচাই ৰাখক ৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে কেইদিন মান পূৰ্বে ঘৰত তৈয়াৰ কৰা মাস্ক পৰিধান কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ পিছতে এনেধৰনে মাস্ক তৈয়াৰ কৰি বিতৰণৰ বাবে এতিয়া সাজু হৈছে মহিলাৰ কেইবাটাও দল ৷ উল্লেখযোগ্য যে, এতিয়ালৈকে ৬৮ হাজাৰ মাস্ক তৈয়াৰ কৰি উলিয়াইছে মহিলা সকলে অতি কম সময়ৰ ভিতৰতে এক লাখ মাস্ক তৈয়াৰ ৰাইজৰ মাজত বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে দুধনৈতে বিধায়ক গৰাকীয়ে একলাখ মাক্স উৎপাদনৰ লক্ষ্যৰে এটা মাক্স প্ৰস্তুতকৰণ কেন্দ্ৰ মুকলি কৰিছিল৷

Related Articles

Leave a Reply

Close