অসম

‘চিটু’ৰ দাবী দিৱস পালন

প্রথম খবৰ , কুলধৰ বৰ্মণ ডুমডুমা, ১৮ মে’ :- বহিঃ ৰাজ্যৰ পৰা অসমলৈ আহিব বিচৰা পৰিযায়ী শ্ৰমিকক সুৰক্ষা প্ৰদান কৰা , তেনে শ্ৰমিকক চৰকাৰে ৰে’লৰ ভাড়া বহন কৰি অসমলৈ অনাৰ ব্যৱস্থা কৰা আৰু ঘৰমুৱা যাত্ৰাত বহিঃ ৰাজ্যত মৃত্যু হোৱা শ্ৰমিকৰ নিকটাত্মীয়লৈ দহ লাখ টকাৰ সাহায্য দিবলৈ অসম চৰকাৰক দাবী জনাই শ্ৰমিক সংগঠন ‘চিটু’ এ আজি সমগ্ৰ অসমতে দাবী দিৱস পালন কৰে । ডুমডুমাতো সংগঠনটোৱে এই দাবী দিৱস পালন কৰে । আজি দিনৰ ১১ বজাৰ পৰা ‘চিটু’ৰ পতাকা আৰু দাবী সম্বলিত প্লেকাৰ্ড লৈ আধাঘণ্টা সময় বিভন্ন শ্লোগানৰে ডুমডুমাৰ কলিয়াপানী চাৰিআলি উত্তাল কৰি ৰাখে সংগঠনটোৰ সদস্যসকলে । এই দাবী দিৱসত লকডাউন আৰু সামাজিক দুৰত্বৰ নিয়ম ৰক্ষা কৰি ‘চিটু’ৰ অন্তৰ্গত বিভিন্ন সংগঠনৰ প্ৰায় ১৫জন সদস্যই অংশগ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Close