অসম

জিৰণি চ’ৰাত আৰিলে বেনাৰ

নলবাৰীত বিধায়কৰ স্ব প্ৰচেষ্টা ক'ৰোনা ভাইৰাছৰ সজাগতা

প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ , নলবাৰী ,১4 মে :- নলবাৰী সমষ্টিৰ বিধায়ক আশোক শৰ্মাৰ প্ৰচেষ্টাত আজি ক’ৰোনা ভাইৰাছৰ ওপৰত বেনাৰ আৰি সজাগতা সৃষ্টি কৰা হয়। উল্লেখ্য যে বিগত সময়চোৱাত নলবাৰী চহৰৰ কেইবাটাও জিৰণি চ’ৰা বিধায়ক বিধায়ক পুজিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি যান বাহনলৈ ৰৈ থকা যাত্ৰী সকলৰ সুবিধা কৰি দিছিল। কিন্তু লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাত নিৰ্বাচন আয়োগে জিৰণি চ’ৰাত লগোৱা চাইডৰ আবৰণ সমূহ উঠাই দিছিল। ফলত জিৰণি চ’ৰা কেইটা উকা উকা লগা হোৱাত যাত্ৰী বহিবলৈ ইচ্ছা নকৰা পৰিলক্ষিত হৈছে।বিধায়ক গৰাকীয়ে নিজিৰ ধন ব্যয় কৰি আজি ক’ৰোনা ভাইৰাছঅঁ যে এক মহামাৰী, এই ভাইৰাছ ৰোধ কৰিব লগা হলে সামাজিক দূৰত্ব বজাই ৰখা,লকডাউন শেষ হলেও চৰকাৰৰ স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি চলা আদি দিশত ৰাইজক সজাগ কৰাৰ বাবে বেনাৰ আৰি দিয়ে । যাৰ বাবে ক’ৰোনা ভাইৰাছৰ সজাগতাৰ লগতে জিৰণি চ’ৰা কেটাই পুনৰ আটকধুনীয়া হৈ পৰে। বিধায়ক গৰাকীৰ এনে প্ৰচেষ্টাক ৰাইজে প্ৰশংসা কৰে। ইপিনে বিধায়ক অশোক শৰ্মাই ক’ৰোনা ভাইৰাছ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী লোৱা পদক্ষেপক আদৰণি জনায়।

Related Articles

Leave a Reply

Close