অসম

ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ ডুমডুমাৰ সংবাদ মহলৰ লগত মত বিনিময় অনুষ্ঠান সম্পন্ন

ডুমডুমা, ১৫ মে : ডিগবৈ বিধান সভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন আজি ডুমডুমা প্ৰেছ ক্লাবলৈ আহে আৰু ক্লাবৰ সদস্যসকলৰ লগত অতি সৌহাদ্যপূৰ্ণ পৰিবেশত মত বিনিময় কৰে । বিধায়কগৰাকীয়ে প্ৰতিগৰাকী সাংবাদিকক একোখন ফুলাম গামোছাৰে আদৰণি জনোৱাৰ লগতে চেনিটাইজাৰ, মাস্ক, গ্লোভ, উপহাৰৰ টোপোলা আদিৰে আপ্যায়িত কৰে । প্ৰেছ ক্লাবৰ তৰফৰপৰাও তেওঁক ফুলাম গামোছাৰে আদৰণি জনোৱা হয় । বিধায়কগৰাকীয়ে ডিগবৈ সমষ্টিটোত কৰা কামবোৰৰ এটা থূলমূল বিৱৰণ দাঙি ধৰে । প্ৰেছ ক্লাবৰ হৈ সভাপতি অৰ্জুন বৰুৱাই বিধায়কগৰাকীৰ নিষ্ঠতাক প্ৰশংসা কৰে আৰু উন্নয়নমূলক কামৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । বিধায়কগৰাকীয়ে তৎকালে ডুমডুমা প্ৰেছ ক্লাবৰ বাবে প্ৰয়োজন হোৱা এটা টি ভা চেট দান স্বৰূপে দিয়ে আৰু প্ৰেছ ক্লাবটোৰ উন্নয়নৰ বাবে ২ লাখ টকাৰ আৱন্টন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । ডুমডুমাৰ এফ আৰ ইউ(চৰকাৰী চিকিৎসালয়)ৰ অসুবিধাবোৰ ক্লাবৰ সভাপতিয়ে ব্যক্ত কৰাত সাংবাদিকসকলৰ লগত তেওঁ স্বাস্থ্য প্ৰতিষ্ঠানটোলৈ গৈ ইয়াৰ অসুবিধাবোৰৰ বুজ লয় আৰু সেইবোৰ সমাধা কৰিবলৈ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । প্ৰতিষ্ঠানটোত ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাঃ ৰঞ্জিত দাস-এ এম্বুলেঞ্চৰ অভাৱ বুলি বিধায়কগৰাকীক অৱগত কৰাত তেওঁ অত্যাধুনিক এখন এম্বুলেন্স ডুমডুমা এফ আৰ ইউক দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । এফ আৰ ইউ-ৰ বুজ লবলৈ আগৰেপৰাই তাত উপস্থিত থকা ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজৰ লগত তেওঁ সৌজন্যমূলক কথা-বতৰা পাতে । আজিৰ কাৰ্যসূচীসমূহত বিধায়কগৰাকীৰ সহকৰ্মী সূৰজ দে, চামডাং পঞ্চায়তৰ সভানেত্ৰী শিবানী নায়ক আদিসকল অহাৰ লগতে প্ৰেছ ক্লাবৰ উপসভাপতি ধীৰেন ডেকা, সহকাৰী সম্পাদক মনোজ বৰুৱা প্ৰমূখ্যে ক্লাবৰ প্ৰিন্ট আৰু ই-মিডিয়াৰ সতীৰ্থসকল উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close