অসমশীৰ্ষ

দিল্লীত কভিড১৯ ত আক্ৰান্ত হোৱা বোকাখাতৰ অজিত শইকীয়াৰ মৃত্যু

ৰত্নেশ্বৰ মৰাং, প্ৰথম খবৰ বোকাখাত ১৭ মে :- দিল্লীত পত্নী বন্তি শইকীয়াক কেঞ্চাৰ চিকিৎসা কৰি থকা অৱস্থাতেই স্বামী অজিত শইকীয়া সহ তিনিজন কভিদ ১৯ ত আক্ৰান্ত হৈ ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি হস্পিতালত চিকিৎসাধীন হৈ আছিল ৷ অজিত শইকীয়াক গুৰুত্বৰ অৱস্থাত লোক নায়ক হস্পিতাললৈ প্ৰেৰণ কৰে আৰু তাতেই তেওঁ মৃত্যুক আকোৱালী লয় ৷10 মাৰ্চতে অসমৰ পৰা দিল্লীলৈ গৈছিল শইকীয়া দম্পতী । অৱশ্যে কভিড আক্ৰান্ত বন্তি শইকীয়া আৰু লগত যোৱা কংকন বৰা বৰ্তমান কভিড ১৯ ৰ পৰা মুক্ত বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে অজিত শইকীয়া ৫ দিনৰ অগতেই মৃত্যু হয় কিন্তু চিকিৎসালয় কৰ্তৃপক্ষ তথা চৰকাৰে খবৰটো পৰিয়ালক জনোৱাৰ পৰা বিৰত থাকে।শইকীয়াৰ বোকাখাতৰ মহমাইকী গাঁৱৰ বাসগৃহত বৰ্তমান এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে।অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা কিছু মাহৰ পূৰ্বে অৱসৰ গ্ৰহন কৰা অজিত শইকীয়াই পত্নী বন্তি শইকীয়াক দিল্লীত চিকিৎসাৰ বাবে লৈ যোৱাৰ পাছত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয়। বৰ্তমান দিল্লীৰ এখন হোটেলত আশ্ৰয় লৈ থকা কংকন জ্যোতি বৰা আৰু বন্তি শইকীয়াক অসমলৈ অনাৰ ব্যৱস্থা কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Related Articles

Leave a Reply

Close