অসম

দৰঙৰ নৱনিযুক্ত উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ

দলগাঁৱৰ পৰা ৰফিক তালুকদাৰ প্ৰথম খবৰ, ১৪ মে’ : দৰং জিলাৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাই (ভাৰতীয় প্ৰশাসনিক সেৱা) বুধবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে । পূৰ্বৰ উপায়ুক্ত ঘনশ্যাম দাস (ভাৰতীয় প্ৰশাসনিক সেৱা) ৰ ঠাইত তেওঁক স্হলাভিষিক্ত কৰা হৈছে । ইয়াৰ পূৰ্বতে তেখেতে অসম চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব হিচাপে কৰ্মৰত আছিল । আনহাতে পূৰ্বৰ উপায়ুক্ত ঘনশ্যাম দাসক শ্ৰম আয়ুক্ত হিচাপে বদলি কৰা হৈছে ।

Related Articles

Leave a Reply

Close