অসম

নলবাৰী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকাক যুৱ মৰ্চাৰ ৰাজহুৱা সম্বৰ্ধনা

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী: নলবাৰী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে শুকুৰবাৰে অসম চৰকাৰে বিজেপিৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী বনদ্বীপ ডেকাক দায়িত্ব প্ৰদান কৰাত সমগ্ৰ জিলাখনৰ গেৰুৱা দলটোৰ নেতা, কৰ্মীসকল  উৎফুল্লিত হৈ পৰিছে।

দেওবাৰে অধ্যক্ষ বনদ্বীপ ডেকাক বিজেপিৰ পূব নলবাৰী মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত ডেকাৰ চকবজাৰস্থ গৃহত ক’ৰোনা ভাইৰাছৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ নীতি নিয়ম মানি ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে বনদ্বীপ ডেকাৰ সবল সাংগঠনিক নেতৃত্বৰ বাবেই বিজেপি নলবাৰীৰ তিনি সমষ্টিত লোকসভা কি পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰিছিল।

মণ্ডল যুৱ মৰ্চাৰ সভাপতি পৰাগ চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানত বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক অপূৰ্ব শৰ্মা, ধ্ৰুৱজ্যোতি দত্ত, বাহঁজানী জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, মধ্য বাহঁজানী পঞ্চায়তৰ সভানেত্ৰী জোনমণি বৈশ্য তালুকদাৰ, আঞ্চলিক সদস্য জয়দেৱ দাস, বিজেপি নেতা বিনোদ তালুকদাৰ, খগেন ডেকা, শুভ্ৰজিৎ মল্ল বুজৰবৰুৱা, যুৱ মৰ্চাৰ জিলা সম্পাদক ৰূপনজ্যোতি শৰ্মা, পূব নলবাৰী মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক অঞ্জন শৰ্মা, আই টি চেলৰ তত্বাৱধায়ক নীহাৰ ভৰালী, কাৰ্যনিৰ্বাহক হীৰকজ্যোতি দাস, অবিনাশ ডেকা, নিতুমণিদাস, কীৰ্তিকমল পৰাশৰ সহ বহু সংখ্যক কৰ্মী উপস্থিত থাকে।

সম্বৰ্ধনা গ্ৰহণ কৰি নলবাৰী নগৰ প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকাই কয় যে জিলাখনৰ কৰ্মী তথা ৰাইজৰ মৰম আজিও আমাৰ প্ৰতি আছে। পূব নলবাৰী মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত অভিভুত হোৱা বুলি দোহাৰি তেওঁ কয় যে সেই মৰম আশীৰ্বাদ, শুভেচ্ছা আগত লৈ নলবাৰী নগৰক নতুনত্ব দিয়াৰ চেষ্টা অব্যাহত ৰাখিম বুলি মন্তব্য প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close