অসম

ফকিৰাগ্রামত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ উদ্যোগত চিকিৎসক

আৰক্ষী, সংবাদকৰ্মীসকলৰ লগতে ছাফাইকৰ্মী সকলক সম্বৰ্দ্ধনা জ্ঞাপন

প্রথম খবৰ , ফকিৰাগ্রাম, কিশোৰ মিশ্রা ১৮ মে : সমগ্ৰ দেশত অদৃশ্য ভাইৰাছ ক’ভিড-১৯ দৈত্যটোৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত মানবজাতিক ৰক্ষার্থে দিনে-নিশাই অক্লান্ত ভাবে যুঁজ দি আছে চিকিৎসক, আৰক্ষী, সংবাদকৰ্মীসকলৰ লগতে ছাফাই কৰ্মীসকল । ফকিৰাগ্রামতো তাৰ ব্যতিক্ৰম ঘটা নাই । ফকিৰাগ্রামৰ চিকিৎসক, আৰক্ষী, সংবাদকৰ্মীসকলৰ লগতে চাফাইকৰ্মী সকলক বিশেষ ভাৱে উৎসাহ যোগোৱাৰ উদ্দেশ্যে আজি পুৱা ১০ বজাত চহৰখনৰ মাজমজিয়াৰ বজাৰৰ সমীপৰ পথত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু ফকিৰাগ্রাম আঞ্চলিক সমিতিৰ সহযোগিত ফকিৰাগ্রাম চহৰখনৰ চিকিৎসক মানিক বৰুৱা , ফকিৰাগ্রাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহা, সংবাদকৰ্মীসকলৰ লগতে ছাফাইকৰ্মী মুনা বাঁশফোৰক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।উক্ত সম্বৰ্ধনা সভাত প্ৰতিগৰাকীকে একোখনকৈ গামোচা,ছেনিটাইজাৰ, নোট বুক , কলম আৰু মিঠাইৰ টোপোলা প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটোত উপস্থিত থকা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বি টি এ ডি জুনাল সমিতিৰ সভাপতি ৰাজীৱ সৰকাৰ , সহ সম্পাদক গোউৰঙ্গ দত্ত,কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি কনক দে, মুখ সম্পাদক শুভজিপ দেবনাথ ,প্রাণগোপাল ৰায়ৰ লগত ফকিৰাগ্রাম আঞ্চলিক সমিতিৰ সভাপতি সুদীপ বণিক , সম্পাদক ৰাজু সীল লগত সকল সদস্যে উপস্থিত থাকে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বি টি এ ডি জোনাল সমিতিৰ সভাপতি ৰাজীৱ সৰকাৰে ক’ভিড-১৯ কর্মকর্তা সকলে বৰ্তমান সময়ত গ্ৰহণ কৰা ভূমিকাৰ সভক্তিৰে ভূয়সী প্ৰশংসা কৰে । তেওঁ প্ৰতি গৰাকী ব্যক্তিকে হাত ধোঁৱা, সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা, জন সমাগমৰ পৰা আঁতৰি থকা আদি বিধান সমূহৰ লগতে তলা বন্ধ কঠোৰ ভাবে মানি চলাৰ আহ্বান জনায়।

Related Articles

Leave a Reply

Close