অসমশীৰ্ষ

বন্তি শইকীয়া দ্বিতীয়বাৰ কৰুণাত আক্ৰন্ত

প্ৰথম খবৰ, ৰত্নেশৰ মৰাং, বোকাখাত : দিল্লীত ক’ৰোণাত আক্ৰান্ত বোকাখাতৰ বন্তি শইকীয়াৰ দেহত দ্বিতীয় বাৰৰ বাবে ধৰা পৰে কভিড ১৯ ৷বিগত ১০ মাৰ্চ তাৰিখে বন্তি শইকীয়াৰ কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈছিল স্বামী অজিত শইকীয়া সহ ভতিজাক কংকন জ্যোতি বৰা। দিল্লীত থকা অৱস্থাতে তিনিওৱে দেহত কভিড ১৯ প্ৰজেটিভ ধৰা পৰাৰ পাছত দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েললিটী হাস্পতালত ভৰ্তি কৰি আইছলেছনলৈ প্ৰেৰণ কৰিছিল৷বোকাখাত মহমাইকী গাঁৱৰ অজিত শইকীয়াক সংকটজনক অৱস্থাত লোকনায়ক জয়প্ৰকাশ চিকিৎসালয়লৈ নিয়াৰ পাছত অজিত শইকীয়াৰ মৃত্যু হয়। পৰবৰ্ত্তী সময়ত বন্তি শইকীয়া আৰু কংকনজ্যোতি বৰাৰ ফলাফল নিগেটিভ হোৱাত অসমলৈ ঘুৰি আহি কাজিৰঙাত কোৱাৰেন্টাইন হৈ আছিল। কোৱাৰেন্টাইন অৱস্থাত থকাৰ কালত পুনৰ আজি স্বাস্থ্য পৰীক্ষাত বন্তি শইকীয়াৰ দেহত কভিড ১৯ ৰ লক্ষণ ধৰা পৰে। বোকাখাত মহকুমা প্ৰশাসনৰ আৰু মহকুমা স্বাস্থ্য বিভাগে বন্তি শইকীয়াক JMCH লৈ প্ৰেৰণ কৰিছে। অন্যহাতে বোকাখাত JDSG মহাবিদ্যালয়ত কোৱাৰেন্টাইন হৈ থকা ১০১ জন যুৱকৰ ৩১ জনৰ দেহত কৰ’ণা প্ৰজিটিভ পোৱা গৈছে। উক্ত ৩১ গৰাকীক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Close