অসম

বিধায়ক অশোক শৰ্মাৰ উদ্যোগ

যজ্ঞভূমিত ব্যৱসায়িক চাইকেল,সাহায্য প্ৰদান - মাস্ক -চেনিটাইজাৰ বিতৰণ

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী ,১৫ মে = নলবাৰী সমষ্টিৰ বাহঁজানীৰ যজ্ঞভূমি চকত আজি স্থানীয় বিধায়ক অশোক শৰ্মাই এগৰাকী ব্যৱসায়ীক চাইকেল আৰু আৰ্থিক সাহায্য প্ৰদান কৰে। তদুপৰি ৰাইজৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰি ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ সজাগতাৰ সৃষ্টি কৰে। দুপৰীয়াৰ ভাগত যজ্ঞভূমি চকৰ গৰীৱ ব্যৱসায়ী তথা অময়াপুৰ গাঁও নিবাসী নাৰায়ণ দাসক এখন নতুন চাইকেল দিয়াৰ লগতে আঢ়ৈ হাজাৰ টকা প্ৰদান কৰি বিধায়ক গৰাকীয়ে ব্যৱসায়ত সহায় কৰাৰ লগতে মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। উল্লেখ্য যে সাধাৰণ তৰকাৰীৰ ব্যৱসায়ী নাৰায়ণ দাসৰ চাইকেল খন কিছুদিন আগতে ধুমুহাত গছ পৰি সম্পূৰ্ণ ভাঙি গৈছিল।ইফালে যজ্ঞভূমি চকত সমবেত সকলৰ মাজত তেওঁ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰি লকডাউন খুজিলেও চৰকাৰৰ স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি ক’ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ আহ্বান জনায়। বিতৰণ কাৰ্যত বিজেপি নেতা প্ৰতুল কলিতা,কিশোৰ কলিতা, পঞ্চায়ত সভানেত্ৰী নমিতা দাস সহ ভালেকেইজনে সহযোগ কৰে।

Related Articles

Leave a Reply

Close