অসম

মদনপুৰত কন্টেইনমেন্ট এলেকাত চলিছে টোলগেটৰ নিৰ্মাণ কাৰ্য্য

জিলা প্ৰশাসনৰ ৰহস্য জনক ভূমিকাত শংকিত ৰাইজ। শীঘ্ৰেই ইয়াৰ ওপৰত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ আহ্বান অঞ্চলবাসী ৰাইজৰ

পঙ্কজ নাথ, চাংসাৰি, ১৪ মে : কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মদনপুৰত দেৱৰাজ আচাৰ্য নামৰ এজন লোকৰ দেহত ক’ৰোনা পজিটিভ পোৱাৰ পিছৰেপৰা সমগ্ৰ অঞ্চলটোৰ লগতে জিলা খনত আতংকময় পৰিবেশ বিৰাজ কৰিছে | প্ৰাপ্ত বাতৰি অনুসৰি, কৰ্মসূত্ৰে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰত ভাড়া ঘৰত বসবাস কৰা দেৱৰাজ আচাৰ্য নামৰ কোভিড- ১৯ পজিটিভ লোক জন যোৱা ৬ মে তাৰিখে পশ্চিম বংগৰ শিলিগুৰিৰ পৰা গুৱাহাটীলৈ আহিছিল | তাৰপিছত কভিড ত আক্ৰান্ত হোৱা লোকজনক সৰুসজাইত কোৱাৰেন্টাইন লগতে কভিড চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল । এনেক্ষেত্ৰত জিলা প্ৰশাসনে ব্যক্তিগৰাকীয়ে বাস কৰা ঠাইৰ পৰা ৩কি.মি. ব্যাসাৰ্ধ চিলড্ তথা কন্টেইনমেন্ট এলেকাৰূপে পথসমূহ বন্ধ কৰি দিয়ে।এই পথসমূহৰে এলেকাটোত কোনো লোক তথা বাহন ওলাব বা সোমাব নোৱাৰে তাৰবাবে জিলা উপায়ুক্ত কমল বৈশ্যই এক নিৰ্দেশনাও জাৰি কৰিছিল। ইয়াৰ পিছতো বৰ্তমান প্ৰশাসনৰ চকুৰ সন্মুখতে কভিড-১৯ আক্ৰান্ত ৰোগীগৰাকী থকা আবাসগৃহটোৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত অৰ্থাৎ কন্টেইনমেন্ট এলেকাৰ ভিতৰতে মদনপুৰৰ নিৰ্মীয়মান টোলগেটৰ নিৰ্মাণ কাৰ্য্য অব্যাহত ভাবে চলি আছে। প্ৰশাসনে সম্পূৰ্ণ এলেকাতো কন্টেইনমেন্ট জ’নত ৰখাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথটোত গাড়ী মটৰৰ চলাচলত অঞ্চলবাসীয়ে বেছি শংকা প্ৰকাশ কৰা নাছিল যদিও এই ভয়াবহ ঠাইখিনিত সামাজিক দূৰত্বতা পালন নকৰাকৈ একাংশ শ্ৰমিকে সঠিকভাৱে মাক্স আদিৰ পৰিধান নকৰাকৈ টোলগেটৰ কাম-কাজ এম বি কনছৰ্টিয়াম নামৰ টোলগেট নিৰ্মাণকাৰী সংস্থাটোৱে চলাই নিয়াত অঞ্চলটোৰ ৰাইজ কভিড১৯ সংক্ৰমণক লৈ যথেষ্ট শংকিত ও ভীতিগ্ৰস্ত হৈ পৰিছে । এনেক্ষেত্ৰত বৰ্তমান জিলা প্ৰশাসনেও ৰহস্য জনক ভূমিকা গ্ৰহণ কৰাৰ বাবে যে অঞ্চলটোত মহামাৰীৰ ৰূপ লোৱা সংক্ৰামক ক’ৰোনা ভাইৰাচে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত বুলিও একাংশই ইয়াক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে । সেয়েহে জিলা প্ৰশাসনক নিৰ্লিপ্ত ভুমিকা পৰিহাৰ কৰি ইয়াৰ ওপৰত সক্ৰিয়তাৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ক’ৰোনাৰ সংক্ৰমণক লৈ শংকিত হৈ থকা সমগ্ৰ অঞ্চলটোৰ ৰাইজে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো উক্ত বিষয়ত হস্তক্ষেপ কৰি ৰাইজৰ শংকা নিবাৰণ কৰিবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close