অসমশীৰ্ষ

সনাতন ডেকাৰ হত্যাকাৰীক ফাচিৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ নলবাৰী বজৰং দল – হিন্দু ক্ৰান্তি দলৰ

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী : নলবাৰী জিলা বজৰং দলৰ এটা প্ৰতিনিধি দলে নলবাৰী জিলাৰ উপায়ুক্ত মহোদয়ৰ হৈ অতিৰিক্ত উপায়ুক্ত অভিজিৎ সিংহাৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আজি মঙলবাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

চৰকাৰক দাবী জনায় যে অতি সোনকালে হাজোৰ খেতিয়ক সনাতন ডেকাক যি পাঁচ গৰাকী মুছলিম নৰপিশাছে সামান্য কথাত নিৰ্মম ভাবে কোবাই কোবাই হত্যা কৰিলে সেই অপৰাধী কেইজনক কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

লগতে অসমত চলি থকা এনেকুৱা অমানবিয় হত্যাকাণ্ড বোৰ বন্ধ কৰিবলৈ হলে এনেকুৱা হত্যাকাৰী বোৰক ফাচি দিয়াৰ দাবী জনায় আৰু কয় যে ফাচি দিলে হে অপৰাধী বোৰে এনেকুৱা হত্যাকাণ্ড কৰাৰ আগতে এশ বাৰ চিন্তা কৰিব বুলি স্মাৰক পত্ৰত উল্লেখ কৰে ।

এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত লগতে দাবী কৰে যে সনাতন ডেকাৰ পৰিয়ালক 20 লাখ টকা আৰু এটা চৰকাৰী চাকৰি প্ৰদান কৰিব লাগে , স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত উপস্থিত থাকে বজৰং দল নলবাৰী জিলাৰ সংযোজক ৰুবুল বেজবৰুৱা, আন্ত: ৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈ (ভাইটি ) আৰু জিলাৰ কেবাগৰাকী সদস্য।আনহাতে হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সংযোজক নিৰ্মল ৰাজবংশী,সম্পাদক জিতু মেধি, সাংগঠনিক সম্পাদক লিংকন কলিতা, কোষাধ্যক্ষ শশীন মেধি, ৰাজ্যিক সহ সম্পাদক গৌতম দাস,জিলা প্ৰভাৰি অপূৰ্ব কলিতা, প্ৰচাৰক হীৰক বৰ্মন, কাৰ্যকৰ্তা জিন্টু ভট্টাচাৰ্য, সীমান্ত মেধি, গো ৰক্ষক বাহিনীৰ অধ্যক্ষ মিন্টু কলিতাই এক বিবৃতিত কয় যে এই হত্যা হাজোৰ সনাতন ডেকাৰ হত্যা নহয়।

এই হত্যা অসমৰ খিলঞ্জীয়াক সন্দেহ যুক্ত নাগৰিকৰ হে হত্যা। গতিকে সনাতনৰ হত্যাকাৰীক শীঘ্ৰে কঠোৰতম শাস্তি দিয়ক আৰু পৰিয়ালক উপযুক্ত সাহায্য প্ৰদান কৰক ৰাজ্যৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰে। অন্যথা হিন্দু ক্ৰান্তি দল নলবাৰী জিলাই তীব্ৰ সংগ্ৰামৰ হুংকাৰ দিয়ে ।

Related Articles

Leave a Reply

Close