অসম

সাম্ভাব্য বান এলেকা পৰিদৰ্শন নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাৰ

প্ৰথম খবৰ,  প্ৰাঞ্জল শৰ্মা,  নলবাৰী :   সাম্ভব্য বান পৰিস্থিতিক লৈ নলবাৰী জিলা পৰিষদৰ‌ অধ্যক্ষ নিতুল ডেকাই নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯ নং চটাইবাৰী পঞ্চায়ত আৰু ৫ নং বতাহগিলা গাওঁ পঞ্চায়তৰ বিভিন্ন ঠাই সোমবাৰে পৰিদৰ্শন কৰে।

বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি নিৰ্মীয়মান মথাউৰিৰ কামৰ বুজ‌ লয় ডেকাই। পঞ্চায়তৰ সভাপতি দিপুল পাটোৱাৰী, অঞ্জন তালুকদাৰ, আঞ্চলিক সদস্যা লতিকা ৰাজবংশী, মণ্ডল বিজেপিৰ সাধাৰন সম্পাদক বিজয় বৰ্মন,পূৱ নলবাৰী যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক অঞ্জন শৰ্মা,যুৱ নেথা উদ্ধব কলিতা, নিহাৰ ভৰালী, বিনয় বড়োৰ লগতে দলীয় বহু সংখ্যক কৰ্মী উপস্থিত থাকে। নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ গৰাকীলৈ পৰিদৰ্শনক ৰাইজে প্ৰশংসা কৰে ।

Related Articles

Leave a Reply

Close