অসমশীৰ্ষ

কলাত অষ্টম স্থান লাভ কৰি জিলিকি উঠিল সৰভোগৰ ছাত্ৰী ডেইজী নাথ

প্ৰথম খবৰ, সৰভোগ: উচ্চতৰ মাধ্যমিকৰ কলা শাখাত বৰপেটা জিলাৰ সৰভোগৰ বাডচ্ একাডেমীৰ ছাত্ৰী ডেইজী নাথ জিলিকি উঠে ৷ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত অষ্টম স্থান লাভ কৰি সৰভোগ চহৰলৈ গৌৰৱ কঢ়িয়াই আনে ডেইজী নাথে ৷ সৰভোগ ৰামপুৰৰ ডাক বিভাগৰ কৰ্মচাৰী মুকুট নাথ আৰু মাতৃ সৰলা নাথৰ কন্যা ডেইজী নাথৰ এই সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে সৰভোগবাসী ৷ ইংৰাজী গুৰু বিষয় হিচাপে লৈ কটন বিশ্ববিদ্যালয়ত স্নাতক পঢ়িব ডেইজীয়ে ৷ নিজৰ কৃতিত্বৰ বাবে পিতৃ মাতৃ, জ্যেষ্ঠ ভগ্নী আৰু বাডচ্ একাডেমীৰ শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ছাত্ৰীগৰাকীয়ে ৷

ছাত্ৰী গৰাকীয়ে ইংৰাজী ৯০,অসমীয়া ৮৭,ৰাজনীতি বিজ্ঞান ৯৮,শিক্ষা ৯৫, তৰ্ক বিজ্ঞান আৰু দৰ্শন ৯৮ আৰু অৰ্থনীতি বিজ্ঞান ৯৪ সহ মুঠ ৪৬৮ নম্বৰ পাবলৈ সক্ষম হৈছে। ভৱিষ্যতে মেধাবী ছাত্ৰী গৰাকীয়ে এগৰাকী অধ্যাপিকা হোৱাৰ সপোন মনত পুহি ৰাখিছে ৷

Related Articles

Leave a Reply

Close