Uncategorized

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ শীৰ্ষক বিশেষ কৰ্মশালা

প্ৰথম খবৰ, বোকাখাত , ৰত্নেশ্বৰ মৰাং : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত প্ৰকৃতি সংগঠন আৰণ্যক আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ শীৰ্ষক এক বিশেষ কৰ্মশালা আয়োজিত হয় ৷

বোকাখাতৰ স্থানীয় যুৱক তথা নৱ নিযুক্ত পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক, মৈত্ৰী কৰ্মী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ আপদ মিত্ৰ সকলৰ বাবে আয়োজিত এই কৰ্মশালাত মুঠ ২০ গৰাকী যুৱকে অংশ গ্ৰহন কৰে ৷

অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অগৰাতলিৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই ৷ কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে বানপানীৰ সময়ত দুৰ্গত বন্যপ্ৰাণীৰ সংৰক্ষণ , উদ্ধাৰৰ লগতে মানুহৰ সংস্পৰ্শত হ’ব পৰা বন্যপ্ৰাণীৰ সমস্যা আৰু ৰোগৰ ওপৰত এক সচিত্ৰ উপস্থাপনেৰে বক্তব্য আগবঢ়ায় ৷

আহিব লগা সম্ভাৱ্য বানপানীৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষা আৰু প্ৰতিপালন বাবে সাঁজু হোৱাকৈ এই যুৱক সকলক আজিৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে আজিৰ কৰ্মশালাত অংশগ্ৰহন কৰা আপদ মিত্ৰ সকলে ইতিমধ্যেই দুৰ্যোগ প্ৰসমন বিভাগৰ প্ৰশিক্ষনো সমাপ্ত কৰিছে ৷

Related Articles

Leave a Reply

Close