অসমশীৰ্ষ

চাংসাৰিত পুনৰ ওলাল কৰ’না পজিটিভ

খবৰ বিয়পাৰ পিছতে একাংশ ৰাইজৰ মাজত আতংক

পঙ্কজ নাথ, চাংসাৰি: কামৰূপ জিলাত তীব্ৰ গতিত বাঢ়িব লৈছে কৰ’না সংক্ৰমিত লোক। আজি কামৰূপৰ চাংসাৰিৰ ধোপাতাৰীত ধৰা পৰিল আন এক কৰ’না পজিটিভ। যোৱা ১১ জুনত চাংসাৰিৰ প্ৰথমটো কৰ’না পজিটিভ হিচাপে জি এম এম চি এইচৰ লেব টেকনিচিয়ান বিচিত্ৰ নাথৰ গাত ধৰা পৰাৰ পিছত আজি ২৫ জুনত চাংসাৰিৰ আৰক্ষী থানাৰ নিচেই কাষতে থকা পেট্ৰোল পাম্পত বিশেষভাৱে কৰ্মৰত এজনৰ গাত ধৰা পৰিল কৰ’না পজিটিভ।

আৰক্ষী থানাৰ সমীপতে থকা পেট্ৰ’ল পাম্পত আন্ত:গাঁথনিৰ কৰ্মত নিয়োজিত এজন শ্ৰমিকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতে চাঞ্চল্য আৰু আতংক বিৰাজ কৰে। উল্লেখ্য যে শেহতীয়াভাৱে কৰ’নাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকৰ নিৰ্দেশ মৰ্মে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমিনগাঁও , জয়গুৰু, গৌৰীপুৰ, চাংসাৰিকে ধৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত আৰক্ষী থানা, পাৰ্কিং প্লেচ, ধাবা, ঔদ্যোগিক প্ৰতিষ্ঠান, পেট্ৰ’ল পাম্প ইত্যাদিত ছোৱাব টেষ্টৰ ব্যৱস্থা কৰা হৈছিল।

ইয়াৰ পিছতে অঞ্চলটোৰ কেইবাজনো ব্যক্তিৰ সমান্তৰালকৈ আজি চাংসাৰিৰ ধোপাতাৰীস্থিত পেট্ৰ’ল পাম্পত অস্থায়ী ৰূপত থকা ধুবুৰীৰ ইনচান আলীৰ দেহত কোভিড-১৯ পজিটিভ বুলি ধৰা পৰাত তেওঁক এমএমচিএইচত ভৰ্তি কৰা হয়। ইপিনে তেল ডিপোটোত কৰ্মৰত আটাইকেইজনকে কোৱাৰেণ্টিন কৰাৰ লগতে সদ্যহতে ডিপোটো বন্ধ ৰখাৰ নিৰ্দেশ দিছে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া জীৱন কৃষ্ণ গোস্বামীয়ে।

উল্লেখ্য যে বৃহত্তৰ চাংসাৰি অঞ্চলত এইটো দ্বিতীয়টো কৰ’না পজিটিভৰ ঘটনা। প্ৰথম ঘটনাৰ আতংক মাৰ নাযাওঁতেই এই দ্বিতীয় কৰ’না পজিটিভ ঘটনা হোৱাত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে একাংশৰ মাজত আৰু তেওঁলোকে এইজন ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰি কোৱাৰেন্টিন কৰাবলৈ তথা কৰ’না টেষ্ট কৰাবলৈ আহ্বান জনাইছে।

আনহাতে এতিয়াও গা লৰা নাই একাংশৰ। একাংশই ক’ৰোনাক লৈ আতংকিত হোৱাৰ বিপৰীতে আন একাংশৰ মাজত সামান্যতমো নাই আতংক।

যাৰবাবে তেওলোকে এতিয়াও প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি মাক্স নিপিন্ধাকৈ তথা সামাজিক দূৰত্ব পালন নকৰাকৈ অনায়াসে সামাজিক স্থানত ঘূৰি ফুৰিছে। ইয়াৰ বাবেই সচেতন ৰাইজে এইবোৰৰ ওপৰত নজৰ দিবলৈ প্ৰশাসনক আহ্বান জনাইছে। আনহাতে আজি চাংসাৰিৰ সমীপৱৰ্তী আঠিয়াবৈ নিবাসী দুজন স্বাস্থ্য বিভাগৰ কৰ্মীৰ গাতো ধৰা পৰিল কৰ’না পজিটিভ। নিতেন আৰু বিপুল কলিতা নামৰ বৰপেটা মেডিকেল কলেজত কৰ্মৰত দুজন কৰ্মীৰ দেহত আজি কৰ’না পজিটিভ চিনাক্ত হোৱাৰ পিছত অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ লোকক হোম কোৱাৰেণ্টিন কৰা হয় লগতে তেওলোকে বাস কৰা ঠাইখিনি প্ৰশাসনে ছিল কৰাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close