Uncategorized

চৰকাৰী বিদ্যালয়ৰ সফলতাত আনন্দ বাহঁজানীত উত্তীৰ্ণৰ হাৰ যোগাত্মক

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী : আজি ঘোষিত হাইস্কুল শিক্ষান্ত ফলাফলত নলবাৰী জিলাৰ বাঁহজানীৰ ৮৮.৭৯% শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়৷ঘোষিত ফলাফল অনুসৰি ৭৮.৭৩%শতাংশ উত্তীৰ্ণৰে নলবাৰী জিলা দ্বিতীয় স্থানত থকাৰ বিপৰীতে বৃহত্তৰ বাঁহজানীত উত্তীৰ্ণৰ হাৰ শতকৰা ৮৮.৭৯%শতাংশ৷ ইয়াৰোপৰি বাঁহজানীৰ তিনিখন ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ৰ এশ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ন হয়৷বৃহত্তৰ বাঁহজানী অঞ্চলৰ গোপালথান পলিটেকনিকেল ইনষ্টিটিউচন পৰা অৱতীৰ্ন হোৱা মুঠ ৬৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫৬ গৰাকী উত্তীৰ্ণ হয়৷প্ৰধান শিক্ষক ৰুপ কুমাৰ শৰ্মাই জনোৱা মতে ইয়াৰে ১৭ গৰাকী প্ৰথম ২৫গৰাকী দ্বিতীয় আৰু ১৪গৰাকী তৃতীয় বিভাগত উত্তীৰ্ন হয়৷হেমবৰুৱা বিদ্যাপীঠ হাইস্কুল(অ-প্ৰাদেশীকৃত)ৰ মুঠ ৩২গৰাকী পৰীক্ষাৰ্থীৰ ২৪গৰাকী উত্তীৰ্ণ হয়৷ইয়াৰে প্ৰথম বিভাগত২,দ্বিতীয় বিভাগত১৪ আৰু ৮গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷চান্দকুছি পাব্লিক হাইস্কুলৰ মুঠ ৫৬ গৰাকী পৰীক্ষাৰ্থীৰ ৪৭ গৰাকী উত্তীৰ্ণ হয়৷প্ৰধান শিক্ষক ত্ৰৈলোক্য ডেকাই জনোৱা মতে ইয়াৰে ১২ গৰাকী প্ৰথম ২০ গৰাকী দ্বিতীয় আৰু ১৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷একেদৰে প্ৰধান শিক্ষক কমল মেধি জনোৱা মতে গংগাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিকৰ পৰা অৱতীৰ্ণ মুঠ ৬০ গৰাকী পৰীক্ষাৰ্থীৰ ১৫ গৰাকী প্ৰথম,৩০গৰাকী দ্বিতীয়,আৰু১২গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ প্ৰধান শিক্ষক ফণীধৰ ৰামচিয়া জনোৱা মতে নিত্যানন্দ ছোৱালী হাইস্কুলৰ মুঠ ৯গৰাকী পৰীক্ষাৰ্থীৰ ৪গৰাকী দ্বিতীয় আৰুএগৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷পূৱ কালাকুছি হাইস্কুলৰ মুঠ ৫২গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪৬গৰাকী উত্তীৰ্ণ হয়৷ইয়াৰে ১৩ গৰাকী প্ৰথম,২৩গৰাকী দ্বিতীয়,আৰু ১০গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷যজ্ঞভূমি গোপালথান বালিকা বিদ্যামন্দিৰৰ প্ৰধান শিক্ষক মুকুল শৰ্মাই জনোৱা মতে মুঠ ২৮ গৰাকী পৰীক্ষাৰ্থীৰ ২৭গৰাকী উত্তীৰ্ণ হয়৷ইয়াৰে ৮গৰাকী প্ৰথম,৮গৰাকী দ্বিতীয়,আৰু ১১গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ ইফালে যজ্ঞভূমি আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰধান আচাৰ্য্য ধীৰেন্দ্ৰ নাথ শৰ্মাই জনোৱা মতে ৩১ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হয় আৰু গোটেই কেইগৰাকী উত্তীৰ্ণ হয়। ইয়াৰে ২১ গৰাকী ডিংষ্টচন পাবলৈ সক্ষম হয় । সুপ্ৰভাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ত্ৰৈলোক্য নাথ শৰ্মাই জনোৱা মতে ৪১ গৰাকী অৱতীৰ্ণ হয়। ৩০ গৰাকী প্ৰথম বিভাগ, ১০ গৰাকী দ্বীতিয় বিভাগ আৰু এগৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ সহ এশ শতাংশ উত্তীৰ্ণৰ হাৰ।চান্দকুছি শংকৰদেৱ নিকেতনৰ প্ৰধান আচাৰ্যই জনোৱা মতে ৩৩ গৰাকী অৱতীৰ্ণ হয় । ২০ গৰাকী প্ৰথম বিভাগ,১১গৰাকী দ্বীতিয় বিভাগ, দুই গৰাকীয়ে তৃতীয় বিভাগ সহ এশ শতাংশ উত্তীৰ্ণৰ হাৰ ।

Related Articles

Leave a Reply

Close