Uncategorized

নলবাৰীত বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্য নলবাৰীত বিধায়ক অশোক শৰ্মাৰ বৃক্ষ ৰোপণ

প্ৰাঞ্জল শৰ্মা , প্ৰথম খবৰ , নলবাৰী : আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়েও আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃক্ষৰোপণ কৰে ।

বৰকুৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বকুল, কৃষ্ণচূড়া , সোণাৰু আদি গছৰ পাঁচ শতাধিক পুলি ৰোপণ কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা , জিলা উন্নয়ন আয়ুক্ত কৃষ্ণা বৰুৱা , নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, সমাজকৰ্মী ডাঃ মৃগাংক তালুকদাৰ, অতিৰিক্ত উপায়ুক্তসকল , সহকাৰী আয়ুক্ত , সামাজিক বনানীকৰন বিভাগৰ সংমণ্ডল বিষয়া , জিলা পৰিবহন বিষয়া , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আদিকৰি বিভাগীয় বিষয়াৰ উপস্থিতিত বিধায়ক অশোক শৰ্মাই বৃক্ষৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে জ্যেষ্ঠ নাগৰিকসকল , শিক্ষক সকল , বিষয়া-কৰ্মচাৰীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক অন্তত একোজোপাকৈ হ’লেও বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনাইছে যাতে আমাৰ প্ৰাকৃতিক পৰিৱেশ সেউজীয়া হৈ থাকে আৰু প্ৰকৃতিৰ ভাৰসাম্য অটুত থাকে আৰু পৰিৱেশ প্ৰদূষণমুক্ত হৈ থাকে ।

এইবেলি ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষিত থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ঘৰতে একোটাকৈ গছপুলি ৰুবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে । আৰু প্ৰধান শিক্ষকসকলক নিজৰ বিদ্যালয় চৌহদত একোজোপাকৈ গছপুলি ৰোপণ কৰিবলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে ।

মুখ্যমন্ত্ৰীৰ আহ্বানক সহাৰি জনায় নলবাৰীতো শিক্ষকসকলে নিজৰ স্কুলত আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰত গছপুলি ৰোপণ কৰিছে আৰু গছপুলিবিলাক সামাজিক বনানীকৰন বিভাগৰ নাৰ্চাৰীৰ পৰা যোগান ধৰা হৈছে ।

জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ , তথ্য আৰু জনসংযোগ বিভাগ , গড়কাপ্তানি ( গৃহ ) বিভাগ আদিৰ বিভাগীয় মুৰব্বী বিষয়াসকলেও নিজৰ কাৰ্যালয় চৌহদত বৃক্ষৰোপণ কৰে । কোভিড-১৯ ৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি , মাস্ক পিন্ধি এই বছৰৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে ।

Related Articles

Leave a Reply

Close