অসমশীৰ্ষ

বিজ্ঞানত পঞ্চম স্থান দখল কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে আশিস কুমাৰ গাৰ্গে

প্ৰথম খবৰ, খেৰণি: ইতিমধ্যে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ তথা পশ্চিম কাৰ্বি আংলঙৰ মাইলুৰ সুসন্তান আশীষ কুমাৰ গাৰ্গে বিজ্ঞান শাখাত পঞ্চম স্থান দখল কৰি অঞ্চলটোৰ লগতে সমগ্ৰ কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ৰাজ্যৰ ভিতৰতে শীৰ্ষ দহ স্থানৰ ভিতৰত নিজৰ নাম তথা নিজৰ জিলাখনৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা আশীষ কুমাৰ গাৰ্গ হৈছে মাইলু হাইস্কুলৰ প্ৰধান শিক্ষক বিষ্ণু ছেত্ৰী আৰু একেখন বিদ্যালয়ৰে শিক্ষয়ত্ৰী আৰতি দেৱীৰ একমাত্ৰ পুত্ৰ সন্তান।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত পঞ্চম স্থান দখল কৰা আশীষ কুমাৰ গাৰ্গৰ এনে সাফল্যত উৎফুল্লিত হৈছে অঞ্চলবাসী।

উল্লেখযোগ্য যে সৰ্বমুঠ ৪৭৮ নম্বৰ তথা ৯৫.৬% নম্বৰ লাভ কৰি পঞ্চম স্থান দখল কৰা মেধা ছাত্ৰ আশীষ কুমাৰ গাৰ্গে অধ্যয়নৰ লগতে ক্ৰিকেট খেলি আৰু বাদ্যযন্ত্ৰ আদি বজাই ভালপায়। 

ইপিনে ভৱিষ্যতে  মাইলুৰ সুসন্তান আশীষ কুমাৰ গাৰ্গে এগৰাকী সুদক্ষ চিকিৎসক অথবা অভিযন্তা হোৱাতো বিচাৰে আশীষৰ আইতাকৰ লগতে পৰিয়ালবৰ্গই। গুৰুত্বপূৰ্ণ যে কাৰ্বি পাহাৰৰ ডিফুৰ জীয়ৰী অলিন্দিতা কলিতাই হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত দশম স্থান লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতে পুনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বিজ্ঞান শাখাত পঞ্চম স্থান দখল কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে আশিস কুমাৰ গাৰ্গে।

Related Articles

Leave a Reply

Close