Uncategorized

বিধায়ক – আছু – যুৱ ছাত্ৰ পৰিষদ- সমাজকৰ্মীৰ সম্বৰ্ধনা নলবাৰী উজলালে ৬ গৰাকী কীৰ্তিমানে

প্ৰথম খবৰ, নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা : নলবাৰী জিলাৰ শৈক্ষিক জয়যাত্ৰা অব্যাহত ৰাখি এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ৬ গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে ৰাজ্যখনৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এনে আশাব্যঞ্জক ফলাফলে জিলাবাসীক আহ্লাদিত কৰি তুলিছে ।

আজি ঘোষণা কৰা ফলাফল অনুসৰি শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগৰ পৰা ৩য় স্থান লাভ কৰিছে জ্যোতিস্মান দেৱ শৰ্মাই , নলবাৰী লিটল ফ্লাৱাৰ্ছ স্কুলৰ পৰা ৪ৰ্থ স্থান লাভ কৰিছে নমস্যা ডেকাই , কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৫ম স্থান লাভ কৰিছে হীৰকজ্যোতি বৈশ্যই , বাহাৰঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা দুগৰাকীকৈ শিক্ষাৰ্থী ক্ৰমে মাচুম মেহতাব আৰু ইমন বৈশ্যই লাভ কৰিছে নৱম স্থান।

সেইদৰে নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ ছাত্ৰ শশাংক হালৈয়ে দশম স্থান অৰ্জন কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াইছে।নলবাৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান লিটল ফ্লাৱাৰ্ছ স্কুলৰ কৃতী ছাত্ৰী নমস্যা ডেকাই চতুৰ্থ স্থান লাভ কৰাত স্কুলখনত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। লকডাউন অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সামাজিক শাৰীৰিক দূৰত্ব মানি বিদ্যালয় কৰ্তৃপক্ষ আনন্দ উৎসৱ পালনৰ পৰা বিৰত থাকে যদিও ভিন্নজনক মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰে।

নলবাৰী চহৰৰ গোপালবজাৰৰ বাসিন্দা তথা শিক্ষক ত্ৰৈলোক্য ডেকা আৰু দীপ্তি ডেকাৰ কন্যা নমস্যাই মুঠ নম্বৰ লাভ কৰিছে ৫৯০। তেওঁ অসমীয়াত ৯৫, ইংৰাজীত ৯৯, গণিতত ৯৯, উচ্চ গণিতত ১০০, বিজ্ঞানত ১০০ আৰু সমাজ বিজ্ঞানত ৯৭ নম্বৰ লাভ কৰিছে।

অসমীয়া, ইংৰাজী, উচ্চ গণিত আৰু বিজ্ঞানত ঘৰুৱা টিউচন লোৱা নমস্যাই সদ্যহতে কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰি পৰৱৰ্তী সময়ত চিকিৎসক হোৱাৰ ইচ্ছা মনত পুহি ৰাখিছে। উপন্যাস পঢ়ি ভাল পায় মেধাৱী ছাত্ৰীগৰাকীয়ে।

দশম স্থান লাভ কৰা আনন্দ বিদ্যা নিকেতনৰ ছাত্ৰ শশাংক হালৈ গোপালবজাৰৰ জ্ঞানপীঠ কলনীৰ বাসিন্দা তথা শিক্ষা বিভাগৰ চাকৰিয়াল জগদীশ হালৈ আৰু হীৰণ হালৈৰ পুত্ৰ। মুঠ ৫৮৪ নম্বৰ পোৱা কৃতী শিক্ষাৰ্থীগৰাকীয়ে অসমীয়াত ৯২, ইংৰাজীত ৯৮, গণিতত ১০০, উচ্চ গণিতত ৯৭, বিজ্ঞানত ৯৮ আৰু সমাজ বিজ্ঞানত ৯৯ নম্বৰ লাভ কৰিছে। অসমীয়াত বাহিৰে সকলো বিষয়তে টিউচন আছিল শশাংকৰ।

পৰীক্ষাৰ আগে আগে ১৬/১৭ ঘন্টাকৈ অধ্যয়ন কৰা বুলিও তেওঁ জনায়। ক্ৰিকেট আৰু কেৰম খেলি ভাল পোৱা মেধাৱী ছাত্ৰগৰাকীৰ ভবিষ্যতে চিকিৎসক হোৱাৰ মন। সদ্যহতে তেওঁ নলবাৰী শংকৰদেৱ একাডেমীত বিজ্ঞান শাখাত নামভৰ্তি কৰিব।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক , সাধাৰণ সম্পাদক অক্ষয় ডেকা ‘আছু’ৰ কাৰ্যনিৰ্বাহ সদস্য ভৱজিৎ বেজবৰুৱা আৰু শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদৰ নেতৃত্বত যোৱা এটা সজাতি দলে জিলাখনৰ নাম উজলোৱা ৬ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে।

সেইদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মনোৰাম কলিতা আৰু সম্পাদক নিৰোদ দাসৰ নেতৃত্বত যোৱা আন এটা দলেও কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনায়। আনহাতে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ যুৱ নেতা শান্তনু কলিতা, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰেও স্থান প্ৰাপ্ত সকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।

Related Articles

Leave a Reply

Close