অসম

শংকৰী সংস্কৃতিৰ সাধক ধৰ্মৰাম দাসৰ মৃত্যুত ননলবাৰীত শোক

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা,নলবাৰী : নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত অৰৰা( জানোৰপাৰ) গাওঁৰ শংকৰী সাধক, বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি, ব্যৱসায়ী ধৰ্মৰাম দাসৰ যোৱা কালি বৃহস্পতিবাৰে নিশা ৮৫ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হোৱা খবৰে গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰয়াত ধৰ্মপ্ৰাণ ব্যক্তি দাসে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অৰৰা প্ৰাথমিক শাখাৰ অন্যতম সেৱক আছিল। তদুপৰি যজ্ঞভূমি চকত দীৰ্ঘদিন ধৰি গেলামাল দোকানৰ ব্যৱসায় কৰিব জীৱন নিৰ্বাহ কৰিছিল। বিশিষ্ট ধৰ্মপ্ৰাণ লোক ধৰ্মৰাম দাসৰ মৃত্যুত স্থানীয় সাংসদ দীলিপ শইকীয়া, বিধায়ক অশোক শৰ্মা,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা,স্থানীয় জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, পঞ্চায়ত সভানেত্ৰী নমিতা দাস , আঞ্চলিক সদস্য বংকিম শৰ্মা, যুৱ নেতা কিশোৰ কলিতা, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, কাৰ্যনিৰ্বাহক অপূৰ্ব শৰ্মা, গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ উপদেষ্টা ৰবীন মিশ্ৰ,সভাপতি চিত্ৰ নাৰায়ণ বৰুৱা, সাধাৰণ সম্পাদক প্ৰশান্ত কুমাৰ চৌধুৰী, যজ্ঞভূমি বণিক সন্থাৰ সম্পাদক দ্বীপেন কলিতা, যজ্ঞভূমি যুৱক সমাজৰ সভাপতি হিৰণ্য গোস্বামী, সম্পাদক নয়নমণি শৰ্মা, যজ্ঞভূমি সেউজী সাহিত্য কাকনন সভাপতি নুৰবস্ক আলী,সম্পাদক হৰমোহন বৰ্মন, বাহঁজানী আঞ্চলিক ছাত্ৰ সন্থা উপদেষ্টা সীমান্ত দাস, সভাপতি বিশ্বজিৎ মল্ল বুজৰবৰুৱা,সাধাৰণ সম্পাদক দিপাংকৰ ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিকৰ সভাপতি সন্তোষ শৰ্মা, সাধাৰণ সম্পাদক নজৰুল আলী, বৃহত্তৰ বাহঁজানী নাগৰিক মঞ্চৰ সভাপতি কুশল কুমাৰ মজুমদাৰ আদি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী পুত্ৰ, তিনি কন্যা সহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ।

Related Articles

Leave a Reply

Close