অসমশীৰ্ষ

স্বাস্থ্য মন্ত্ৰীৰ ব্যাপক শ্ৰমক মৰ্যদা দিয়ক- বিধায়ক অশোক শৰ্মা

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা,নলবাৰী : নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত হেম বৰুৱা বিদ্যাপীঠৰ চৌহদৰ পকীবেৰৰ আজি শুকুৰবাৰে আধাৰশিলা স্থাপন কৰা হয়।
চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত সাত লাখ টকাৰে নিৰ্মাণ হবলগা পকীবেৰৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক অশোক শৰ্মাই।

হাইস্কুল শাখাৰ প্ৰধান শিক্ষক সুৰেন্দ্ৰ নাথ ডেকাই আতঁ ধৰা অনুষ্ঠানত স্থানীয় জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, পঞ্চায়ত সভানেত্ৰী জোনমণি বৈশ্য তালুকদাৰ, আঞ্চলিক সদস্য জয়দেৱ দাস, পঞ্চায়ত সদস্যা পূৰ্ণিমা কৈৱৰ্ত্ত,এম ই শাখাৰ প্ৰধান শিক্ষয়িত্ৰী মিনু দেৱী,হাইস্কুল শাখাৰ পৰিচালনা সমিতিৰ সভাপতি নৱীন চন্দ্ৰ ডেকা, এম ই শাখাৰ সভাপতি নজিৰ আলী, পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি প্ৰতুল কলিতা, উপ সভাপতি খগেন ডেকা,সাধাৰণ সম্পাদক বিনোদ তালুকদাৰ, যুৱ মৰ্চাৰ মণ্ডল সাধাৰণ সম্পাদক অঞ্জন শৰ্মা, সম্পাদক হীৰকজ্যোতি দাস,যুৱ নেতা নিহাৰ ভৰালী,কোকিল দত্ত, কোপিল দেৱ তালুকদাৰ, গুণেশ্বৰ দাস, বুথ সভাপতি গৌতম ডেকা,শক্তিকেন্দ্ৰৰ আহ্বায়ক অজিত ডেকা, প্ৰাণজিৎ ডেকা সহ ভালেমান ৰাইজ উপস্থিত থাকে। আধাৰশিলা স্থাপন কৰি বিধায়ক অশোক শৰ্মাই ভাষনত কয় যে বিদ্যালয় খনিৰ চৌহদৰ পকীবেৰৰ কাম আৰম্ভ হল।

কিন্তু নিৰ্মাণ কাৰ্যত যাতে ভাল হয় তাক পঞ্চায়ত প্ৰতিনিধি আৰু ৰাইজেও লক্ষ্য ৰাখিব লাগিব। তদুপৰি ৰাইজৰ সহযোগ অবিহনে চৰকাৰী আঁচনি ৰূপায়ণ সম্ভৱ নহয় বুলিও মন্তব্য কৰে। ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক মন্ত্ৰী পিয়ুজ হাজৰিকাই ক’ৰোনা ভাইৰাছৰ দৰে অতিমাৰীৰ সময়তো যি শ্ৰম দিছে তাক ৰাইজে উপলব্ধি কৰি সামাজিক দূৰত্ব বজাই ৰাখি , মাস্ক পৰিধান কৰি স্বাস্থ্য মন্ত্ৰী দুগৰাকীক সহযোগ কৰা উচিত। যত চিকিৎসকে ডঃ শৰ্মাক জিৰণি লব পৰামৰ্শ দিছিল যদিও ৰাইজৰ স্বাৰ্থত তেওঁ নিজৰ জীৱনকো তুচ্ছ কৰি ৰাইজক সেৱা আগবঢ়াই গৈছে।

Related Articles

Leave a Reply

Close