অসমশীৰ্ষ

সৰ্বস্তৰৰ ৰাইজ দেশৰ শত্ৰুৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ সময়- বিধায়ক অশোক শৰ্মা

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা,নলবাৰী : বৃহত্তৰ বাহঁজানীৰ চাৰি পঞ্চায়ত এলেকাকে ধৰি মুঠ দহটা পঞ্চায়ত এলেকাধীন বিজেপিৰ পূৱ নলবাৰী মণ্ডলৰ উদ্যোগত যোৱা মঙলবাৰে নিশা ভাৰত- চীন সীমান্তত সংঘটিত হোৱা যুদ্ধত ভাৰতীয় বীৰ জোৱানসকলৰ যিসকলে দেশৰ হকে আত্মবলিদান দিলে সেই সকলৰ স্মৃতিত আজি চকবজাৰস্থিত মণ্ডল কাৰ্যালয়ত এক ৰাজহুৱা শ্ৰন্ধাঞ্জলি অনুষ্ঠান হয়। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা কলিতা, মণ্ডল সভাপতি প্ৰতুল কলিতা,উপ সভাপতি সৰ্বেশ্বৰ কলিতা, খগেন ডেকা, সাধাৰণ সম্পাদক ভূপেন ডেকা, বিনোদ তালুকদাৰৰ লগতে নলবাৰী জিলা বিজেপিৰ উপ সভাপতি জয়ন্ত বুজৰবৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি দত্ত, অপূৰ্ব কুমাৰ শৰ্মা, দেবজিৎ গোস্বামী, ৰাজ্যিক আই.টি.চেলৰ সদস্য প্ৰিয়াংকু নাৰায়ন বৰুৱা, যুৱ মৰ্চাৰ পূৱ নলবাৰী মণ্ডল সমিতিৰ সভাপতি পৰাগ চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক অঞ্জন শৰ্মা, হিৰক জ্যোতি দাস, নিহাৰ ভৰালী সমন্বিতে ৪ নং খাটা পঞ্চায়তৰ সভাপতি তপন শৰ্মা, ৮ নং উত্তৰ বাহঁজানী পঞ্চায়তৰ আঞ্চলিক সদস্য হিতেশ তালুকদাৰ, ৯ নং মধ্য বাহঁজানী পঞ্চায়তৰ আঞ্চলিক সদস্য জয়দেৱ দাস লগতে জিলা আৰু মণ্ডলৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানত বীৰ শ্বহীদ প্ৰণামো তোমাক ধ্বনি দিয়াৰ লগতে শ্বহীদৰ প্ৰতিচ্ছবিত পুষ্প মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কৰা হয়। শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বিধায়ক অশোক শৰ্মাই কয় যে সাম্প্ৰতিক দেশৰ পৰিস্থিতিত সৰ্বস্তৰৰ ৰাইজ শত্ৰুৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ সময়। শ্বহীদ সকলে যি আত্মবলিদান দিলে এয়া এনে নাযায়। দেশৰ বাবেই তেওঁলোকে আত্মবলিদান দিছে। এয়া গৌৰৱ হে তেওঁলোকৰ পৰিয়ালৰ। ভাৰত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত শক্তিশালী আগত দিনত তাক প্ৰমাণ কৰিব চীনক প্ৰত্যাহ্বান জনায় বুলি দোহাৰে।

Related Articles

Leave a Reply

Close