Uncategorizedশীৰ্ষ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল সৰভোগৰ ছাত্ৰ হৰ্ষবৰ্দ্ধনৰ

নীতিশ ৰঞ্জন পাটগিৰী, প্ৰথম খবৰ, সৰভোগ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সৰভোগৰ ছাত্ৰ হৰ্ষবৰ্দ্ধন মাহেশ্বৰীয়ে অসমৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি গোটেই বৰনগৰ তথা সৰভোগ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ছাত্ৰ গৰাকীয়ে সৰ্বমুঠ ৫৮৮ নম্বৰ লাভ কৰিছে৷

বৰপেটা ৰোডৰ মেৰিয়ান স্কুলৰ ছাত্ৰ হৰ্ষবৰ্দ্ধন মাহেশ্বৰীৰ দেউতাকৰ নাম প্ৰবীণ মাহেশ্বৰী। তেওঁ বি এইচ কলেজৰ বাণিজ্য বিভাগৰ এজন প্ৰবক্তা হিচাপে কৰ্মৰত৷

ইফালে, এই সুখবৰ পোৱাৰ পাছতে স্থানীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে কৃতী ছাত্ৰজনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। লগতে ছাত্ৰজনৰ অভিভাৱকৰ সৈতেও ফোনত কথা পাতে ৰণজিত কুমাৰ দাসে।

Related Articles

Leave a Reply

Close