অসমশীৰ্ষ

অইলৰ ভুলৰ বাবে বাঘজানৰ শুক্লেশ্বৰ নেওগে আত্মহনন কৰিলে – সংবাদমেলত ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজৰ অভিযোগ

প্ৰথম খবৰ, কুলধৰ বৰ্মণ, ডুমডুমা : ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজে আজি ডুমডুমা প্ৰেছ ক্লাৱ ভৱনত এখন সংবাদমেলৰ আয়োজন কৰে । তাত তেওঁ বাঘজানৰ তেলখাদৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ভয়াবহ বিৱৰণ দিবলৈ গৈ অভিযোগ কৰে যে শুক্লেশ্বৰ নেওগে আত্মহনন কৰাৰ কাৰণ অইলৰ ভুল ।

অইল কৰ্তৃপক্ষই তেওঁক ক্ষতিপূৰণ নিদিয়া বাবে উপায়ন্তৰ হৈ তেওঁ আত্মহননৰ পথ বাচি ললে । উল্লেখ্য যে বাঘজান কাণ্ডত শুক্লেশ্বৰ নেওগৰ পৰিয়াল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা কথাও সঁচা ।

শুক্লেশ্বৰ নেওগৰ আত্মহননৰ খবৰ পাই তিনিচুকীয়া জিলা প্ৰশাসনৰ লগ হৈ অইলে খৰধৰকৈ ক্ষতিগ্ৰস্ত ১১ টা পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণৰ চেক বিতৰণ কৰে বুলিও বিধায়কগৰাকীয়ে কয় ।

ক্ষয়-ক্ষতিৰ উচিত বিচাৰ কৰি শীঘ্ৰে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিবলৈ তেওঁ সংশ্লিষ্ট পক্ষক অনুৰোধ জনায় । সংবাদমেলখনত তেওঁ প্ৰশ্ন উত্থাপন কৰে-“ক্ষতিপূৰণ পাবৰ বাবে বাঘজানৰ আৰু কোনো কোনোৱে আত্মহনন কৰিব লাগিব নেকি ?” তেওঁ পোনৰ কয় যে বাঘজানৰ ক্ষতিগ্ৰস্তসকলৰ বাবে ১২ টা শিবিৰ স্থাপন কৰা হৈছে আৰু তাৰে ৪ টা শিবিৰৰ ক্ষতিগ্ৰস্তইহে ৩০ হাজাৰ টকীয়া প্ৰাথমিক সাহায্যৰ ধন পাইছে ।

তাৰে ভিতৰত বেঙ্কৰ একাউন্ট নথকাৰ কাৰণত বহু ক্ষতিগ্ৰস্ত ধনখিনি পোৱাৰপৰা বঞ্চিত হৈ থকা বুলিও কয় । ১২ টা আশ্ৰয় শিবিৰৰ প্ৰতিটো পৰিয়ালক এই প্ৰাথমিক সাহায্যৰ ধন শীঘ্ৰে মোকোলাই দিবলৈ তেওঁ সংবাদমেলখনত অইলক আহ্বান জনায় ।

কৰ’নাৰ ভয়াবহতাৰ কাৰণত সোনকালে শিবিৰবোৰ উঠাই দিবলৈ আৰু যতদূৰ শীঘ্ৰে ৫ নং তেলখাদটোৰ সমস্যা সমাধান কৰিবলৈ অইল তথা চৰকাৰক তেওঁ আহ্বান জনাইছে ।

বিশ্বৰ অন্যতম ভয়াবহ এই বাঘজান কাণ্ডৰ সমাপ্তি ঘটোৱাত কেন্দ্ৰীয় চৰকাৰে মুখ্য ভূমিকা ল’বলৈ তেওঁ অনুৰোধ জনাইছে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তালৈ আহি যি কোনো বিনিময়ত অগ্নি নিৰ্বাপিত কৰা হ’ব বুলি ওফইদাং কথা কৈ যোৱা কাৰ্যক তেওঁ তীব্ৰ সমালোচনা কৰে । আজি শুক্লেশ্বৰ নেওগৰ তিলনি আছিল ।

তালৈ বিধায়কগৰাকী যোৱা বুলি কয় । কিন্তু, অইল-এ তেওঁৰ পৰিয়ালটোক কোনো ধৰণৰ সহানুভূতি প্ৰদৰ্শন ধকৰাত তেওঁ দুখ প্ৰকাশ কৰে । শিবিৰবোৰত পানীৰ খুউব নাটনি হোৱা কাৰ্যত তেওঁ অতি উদ্বেগ প্ৰকাশ কৰে আৰু শীঘ্ৰে পানীৰ নাটনি দূৰ কৰাৰ লগতে চিকিৎসা ব্যৱস্থা আৰু গৰ্ভৱতী মহিলাসকলৰ বাবে স্ত্ৰীৰোগ চিকিৎসকৰ ব্যৱস্থা কৰিবলৈ আৰু শিবাৰৰ দুৰ্গন্ধবোৰ আঁতৰ কৰিবলৈ সংশ্লিষ্ট পক্ষসমূহক আহ্বান জনাইছে ।

শিবিৰত মৃত্যু হোৱা সুনীল কাৰোৱা(১০ হাজাৰ টকা সাহায্য দিছিল), আৰতি পাত্ৰ, আনন্দ কিষাণ আদিক ক্ষতিপূৰণ দিবলৈ লগতে আত্মহনন কৰা শুক্লেশ্বৰ নেওগৰ পৰিয়ালক ক্ষতিপূৰণৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ এজনক অইলত চাকৰি দিবলৈ তেওঁ দাবী উথাপন কৰে ।

অগ্নিকাণ্ডথলিত ভূকম্পন হোৱাৰ কাৰণ তদন্ত কৰিবলৈও তেওঁ আবেদন জনায় । অসমৰ ভেটি, মাটি ৰক্ষা কৰাৰ পণ লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শিমলুগুৰিত থকা অনিৰুদ্ধদেৱৰ সত্ৰখন ডাঙৰী নৈৰ খহনীয়াৰপৰা প্ৰকৃতভাৱে উদ্ধাৰ কৰিবলৈ তেওঁ আহ্বান জনাইছে ।

অসমৰ জল সম্পদ বিভাগটোৰ মন্ত্ৰী আৰু বিষয়া-কৰ্মচাৰীসকলক সেই বিভাগৰ ঠিকাদাৰসকলে পৰিচালিত কৰি অহা বুলিও তেওঁ সংবাদমেলখনত গুৰুতৰ অভিযোগ কৰে । সৰ্বাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতিতে আৱদ্ধ হৈ থকাৰ কথা কয় ।

ডুমডুমা সমষ্টিটোৰ ১৪ গৰাকী লোক পানীত ডুবি মৰিছিল । তেওঁলোকৰ পৰিয়ালক দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত থকা নিয়ম মতে ৪ লাখ টকাৰ অৰ্থ সাহায্য দিবলৈ দাবী কৰে ।

সংবাদমেলখনত বিধায়কগৰাকীৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক বিৰিঞ্চি নেওগ, কাকপথাৰ ব্লক কংগ্ৰেছৰ সভাপতি লক্ষী সোণোৱাল আদি কৰি কেইবাগৰাকীও কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close