অসমশীৰ্ষ

উত্তৰ গুৱাহাটী শঙ্কৰদেৱ শিশু নিকেতনৰ আচাৰ্য আচাৰ্যা সকলক শিশু শিক্ষা সমিতিৰ তৰফৰ পৰা সাহাৰ্য্য প্ৰদান।

প্ৰথম খবৰ, পঙ্কজ নাথ, চাংসাৰি : কৰোনাৰ বাবে দেশত হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যা ভাৰতীৰ অন্তৰ্গত অসমৰ সমূহ শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলক কিছু সকাহ দিয়াৰ বাবে “শিশু শিক্ষা সমিতিৰ” ত‌ৎপৰতাত সাহাৰ্য হিচাপে নগদ ধনৰ লগতে চাউল, দাইল, মিঠাতেল, নিমখৰ এটাকৈ টোপোলা প্ৰত্যেক আচাৰ্য-আচাৰ্যাকে বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে ।

সেই উদ্দেশ্যে আজি মঙ্গলবাৰে শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ সমূহ আচাৰ্য-আচাৰ্যাৰ উপস্থিতত সামাজিক দূৰত্ব বজাই ৰাখি এলানি বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত উপস্থিত থাকে গুৱাহাটী বিভাগৰ বিভাগ নিৰীক্ষক আশুতোষ বৰ্মন আৰু সহবিভাগ নিৰীক্ষক চন্দ্ৰকান্ত দাস ।

আজিৰ বৈঠকত উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, কোষাধ্যাক্ষ ৰঞ্জন কুমাৰ চৌধুৰী প্ৰধানাচাৰ্যা উৎপল তালুকদাৰৰ উপস্থিতিত নিকেতন খনৰ আচাৰ্য-আচাৰ্যাৰ লগতে নিকেতনৰ সমূহ কৰ্মচাৰীকে নগদ ধনৰ লগতে খাদ্যবস্তুৰ এটিকৈ টোপোলা আগবঢ়াই ।

এই বৈঠকতে গুৱাহাটী বিভাগ নিৰীক্ষক আশুতোষ বৰ্মন ডাঙৰীয়াই তেখেতৰ ভাষণত আচাৰ্য-আচাৰ্যাৰ কিছু সকাহ দিয়াৰ নামত ক’ৰ পৰা কেনেকৈ টকাটো সংগ্ৰহ কৰা হৈছে সেইকথাখিনি খুৱ সুন্দৰকৈ বৰ্ণণা কৰে ।

আজি শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীত সাহাৰ্য্য প্ৰদান কৰাৰ লগতে শংকৰদেৱ শিশু নিকেতন, ফুলুঙতো এই সাহাৰ্য্যৰ ব্যৱস্থা কৰে বুলি জানিবলৈ দিছে ।

Related Articles

Leave a Reply

Close