অসমশীৰ্ষ

কামৰূপ(ম)- ওদালগুৰি জিলাৰ মাজত যাতায়াত নিষিদ্ধ ঘোষনা।

প্ৰথম খবৰ, গুনজিৎ দাস, ওদালগুৰি : কামৰূপ(ম) জিলাত কভিড১৯ সংক্ৰমণৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ পৰিপেক্ষিতত এইবাৰ মহানগৰখনৰ পৰা ওদালগুৰি জিলালৈ যাতায়াত বন্ধ ঘোষনা কৰিলে ওদালগুৰি জিলা প্ৰশাসনে।

এই সন্দৰ্ভত ওদালগুৰি জিলা দণ্ডাধীশ তথা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই ওদালগুৰিৱাসী ৰাইজৰ সুস্বাস্থ্য বৰ্তাই ৰখা তথা কভিড১৯ মুক্ত কৰি ৰখাৰ স্বাৰ্থত সমগ্ৰ জিলাখনতে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে।

জিলাখনৰ সকলো বিভাগীয় মুৰব্বীলৈ পত্ৰ প্ৰেৰণ কৰি কোনো বিভাগৰ বিষয়া কৰ্মচাৰীয়ে যাতে গুৱাহাটীৰ পৰা অহা-যোৱা নকৰে সেইক্ষেত্ৰত নিশ্চিত হবলৈ নিৰ্দেশ দিয়ে।

দুৰ্যোগ প্ৰশমন আইনৰ ৩৪ নম্বৰ ধাৰাৰ অধীনত জাৰি কৰা এই নিষেধাজ্ঞা পালনত জিলা আৰক্ষী বিভাগক চকু ৰাখিবলৈ আহ্বান জনায়।

ইফালে উক্ত নিৰ্দেশনাৰ পাছত যদি কামৰূপ(ম) জিলাৰ পৰা কোনো লোকে ওদালগুৰিত প্ৰৱেশ কৰে, তেন্তে স্বাস্থ্য বিভাগৰ নিৰ্দেশত সেইসকল লোকক ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হব বুলি পত্ৰখনত স্পষ্টভাৱে নিৰ্দেশনা প্ৰদান কৰে।

Related Articles

Leave a Reply

Close