অসমশীৰ্ষ

কৰ্দৈগুৰিত নৱ – নিৰ্মিত শৌচ – প্ৰসাৱগাৰ উদ্বোধন । শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰিবলৈ প্ৰাক্তন ছাত্ৰীৰ আহ্বান।

প্ৰথম খবৰ, কুলধৰ বৰ্মণ, ডুমডুমা : তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ এলেকাত তিনিখনকৈ শিক্ষানুষ্ঠানত পঞ্চায়ত উন্নয়ন পুঁজিৰ দ্বাৰা নৱ – নিৰ্মিত শৌচ – প্ৰসাৱগাৰ আজি উদ্বোধন কৰা হয়।

অপ্ৰাদেশিকীকৃত কৰ্দৈগুৰি মধ্য ইংৰাজী বালিকা ( এক লাখ পঞ্চাশ হেজাৰ ) বিষ্ণুপুৰ অংগনবাদী কেন্দ্ৰ ( পঁইসত্তৰ হেজাৰ) আৰু কৰ্দৈগুৰি ৰিফ্লেকচন চেন্টাৰ ( দুই লাখ) ত নিৰ্মিত তিনিওটা শৌচ-প্ৰসাৱগাৰ কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী জেউতি মৰাণে আজি সুকীয়া সুকীয়াকৈ অনুষ্ঠুপীয়া কাৰ্যসূচীৰে উদ্বোধন কৰে।

বিগত ১৯৯৩ চনতে প্ৰতিষ্ঠিত কৰ্দৈগুৰি মধ্য ইংৰাজী বালিকা বিদ্যালয়তে অধ্যয়ন কৰা প্ৰাক্তন ছাত্ৰী তথা বৰ্ত্তমানৰ কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী জেউতি মৰাণে ২০০৫ চনতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়খন আজি ২৭ বছৰতো প্ৰাদেশিকীকৰণ নোহোৱাত দুখ প্ৰকাশ কৰাৰ লগতে ইতিপূৰ্বে শিক্ষামন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই আগন্তুক আগষ্ট মাহৰ ভিতৰত ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহ প্ৰাদেশিকীকৰণ কৰিব বুলি যি ঘোষণা কৰিছিল সেই অনুসৰি এই বিদ্যালয়খন প্ৰাদেশিকীকৰণ হ’ব বুলি আশা প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close