অসমশীৰ্ষ

গৰিয়া-মৰিয়া-দেশীসকলৰ সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

প্ৰথম খবৰ, কুলধৰ বৰ্মণ, ডুমডুমা : সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰপৰা তেওঁলোকৰ সমস্যাবোৰ সমাধানৰ দাবীত এখন স্মাৰক পত্ৰ আজি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ যোগে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে বুলি জিলা সম্পাদক মুন আলিয়ে জনাইছে । উক্ত স্মাৰক পত্ৰখন যোগে গৰিয়া-মৰিয়া-দেশীসকলক চৰকাৰী জৰীপৰ জৰিয়তে চিনাক্তকৰণ কৰিবলৈ, তেওঁলোকক বানপানী আৰু গৰাখহনীয়া আদিৰ বিশেষ আৰ্থিক পেকেজ দিবলৈ আৰু অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে গণ্য কৰিবলৈ, এই জনগোষ্ঠী তিনিটাৰ নামত বি টি এ ডি এলেকাত এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ আৰু তাত জনগোষ্ঠী তিনিটাক সংৰক্ষিত জনগোষ্ঠী ৰূপে চিহ্নিত কৰি ভূমি, ৰাজনৈতিক, অৰ্থনৈতিক আদি অধিকাৰ প্ৰদান কৰিবলৈ আৰু তাৰ নিকায়-নিগমসমূহত তেওঁলোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী উথাপন কৰা হয় ।

Related Articles

Leave a Reply

Close