অসম

চাহ বাগিছাৰ উপ-কৰ্মচাৰীৰ দৰমহা সংশোধন চুক্তি সম্পন্ন : আন্দোলন স্থগিত

প্ৰথম খবৰ, কুলধৰ বৰ্মণ,ডুমডুমা : অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই আজি ইয়াৰ সংবাদ মহললৈ এটি প্ৰেছ বিবৃতি প্ৰেৰণ কৰি জানিবলৈ দিছে যে পলমকৈ হ’লেও ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিছাসমূহত কৰ্মৰত উপ-কৰ্মচাৰীসকলৰ দৰমহাৰ সমস্যাটো যোৱা ২ জুলাইত চাহ বাগিছা মালিক পক্ষসমূহৰ সংগঠন চি চি পি এ-ৰ লগত অসম চাহ মজদুৰ সংঘৰে হোৱা ভি ডি অ’ কনফাৰেন্স যোগে কৰা আলোচনাৰ অন্তত স্বাক্ষৰিত হোৱা দ্বিপাক্ষিক চুক্তি যোগে সমাধান হৈছে আৰু ইয়াৰ কাৰণতে অহা ৭ জুলাইৰ চাহ বাগিছা বন্ধ আৰু ১০ জুলাইৰ আন্দোলন স্থগিত ৰখা হৈছে ।

সাধাৰণ সম্পাদক গোৱালাই বিবৃতিটোত উল্লেখ কৰা মতে উপ-কৰ্মচাৰীসকলৰ দৰমহা গাঠনিৰ সংশোধনৰ ম্যাদ ২০১৮ চনৰ ৩০ চেপ্তেম্বৰত অন্ত পৰে আৰু যোৱা ২১ মাহে আন্দোলন কৰি অহাৰ অন্তত দৰমহা( পে স্কেল)ৰ ওপৰত ৪০ শতাংশ বৃদ্ধিৰে চুক্তি সম্পাদন কৰা হয় । চুক্তিমতে জুলাই মাহত তেওঁলোকে নতুন হাৰত দৰমহা লাভ কৰিব আৰু অচিৰে বিগত ২১ মাহৰ দৰমহাৰ বকেয়া ধন আদায় পাব ।

চুক্তিখন ২০১৮ চনৰ ১ অক্টোবৰৰপৰা ২০২২ চনৰ ৩১ জানুৱাৰীলৈ বাহাল থাকিব আৰু তাৰ পিছৰ পৰ্যায়ৰ বাবে পুনঃ চুক্তি কৰিব লাগিব । ভি ডি অ’ কনফাৰেন্স যোগে সম্পাদন হোৱা দেশৰ এইখন প্ৰথম এনে চুক্তি বুলিও সম্পাদকগৰাকীয়ে দাবী কৰে ।

ভি ডি অ’ কনফাৰেন্সত চাহ বাগিছা মালিক পক্ষসমূহৰ হৈ ইণ্ডিয়ান টি এছোচিয়েচন, টি এছোচিয়েচন অৱ ইণ্ডিয়া, ভাৰতীয় চাহ পৰিষদ, আসাম টি প্লেন্টাৰ্চ এছোচিয়েচন আৰু নৰ্থ-ইষ্টাৰ্ণ টি এছোচিয়েচনৰ প্ৰতিনিধিসকলৰ লগত অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিঙ ঘাটোৱাৰ, সাধাৰণ সম্পাদক ৰূপেশ গোৱালা আৰু সংঘৰ শাখাসমূহৰ সম্পাদকসকলে যোগদান কৰিছিল বুলি বিবৃতিটোত উল্লেখ কৰিছে ।

Related Articles

Leave a Reply

Close