অসমশীৰ্ষ

টিহুত ক’ভিড পজিটিভত আক্ৰান্ত তিনিগৰাকী , গণ সংক্ৰংণৰ আশংকা

প্ৰথম খবৰ, পংকজ বেজবৰুৱা, টিহু : টিহু মহকুমাত তিনিগৰাকী লোকৰ কোভিড পজিটিভ ওলোৱাত সমগ্ৰ মহকুমাটোতে ৰাইজৰ মাজত একপ্ৰকাৰ আতংকৰ পৰিৱেশে বিৰাজ কৰিছে ।

তথ্যানুসৰি মহকুমাটোৰ অন্তৰ্গত জলখানা গাঁৱৰ কঁঠালমূৰা চুবুৰিৰ ধ্ৰুৱৰাজ মেধি নামৰ যুৱক এগৰাকীৰ দেহত ক’ভিড পজিটিভ ওলোৱাত সমগ্ৰ অঞ্চলটোৰ ৰাইজ আতংকিত হৈছে ।

জানিব পৰা মতে, যুৱকজনে গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল । গুৱাহাটীত তলাবদ্ধ চলি থকা বাবে ২৭ জুনত তেওঁ কঁঠালমূৰাৰ নিজগৃহলৈ আহিছিল । স্বাস্থ্য বিভাগে মেধিৰ এসপ্তাহ পূৰ্বে ছোৱাব সংগ্ৰহ কৰি ফলাফল নোলোৱালৈকে হোম কোৱাৰান্টাইনৰ নিৰ্দেশ দিছিল ।

আজি পৰীক্ষাৰ ফলমতে মেধিৰ ক’ভিড পজিটিভ ওলোৱাত স্বাস্থ্য বিভাগে তেওঁক নলবাৰীৰ ছহিদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইপিনে, স্বাস্থ্য বিভাগে মেধিৰ পৰিয়ালটোক আজি হোম কোৱাৰান্টাইন কৰে । আনহাতে, কালি নিশা মাখিবাহাৰ অধ্যাপকপাৰা চুবুৰিৰ নিৱাসী তথা চি আই এছ এফৰ জোৱান প্ৰদীপ শৰ্মাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে । পশ্চিম বংগৰপৰা শৰ্মাই সপৰিয়ালে ২৬ জুনত মাখিবাহাৰ নিজগৃহলৈ আহি হোম কোৱাৰান্টাইন হৈ আছিল ।

তেওঁকো নলবাৰীৰ ছহিদ মকুন্দ কাকতী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আকৌ টিহুৰ এফ আৰ ইউ সামূহিক চিকিৎসালয়ৰ কল্পনা দেৱী নামৰ বিভাগীয় দায়িত্বত কৰ্মৰত ষ্টাফ জি এন এম নাৰ্চ এগৰাকীও কোভিডত আক্ৰান্ত হৈছে ।

২৪ জুনত তেওঁৰ ছোৱাব লোৱা হৈছিল আৰু আজি সন্ধিয়া পৰীক্ষাৰ ফল পজিটিভ অহাত চিকিৎসালয়খনত এক প্ৰকাৰ হাহাকাৰৰ পৰিৱেশ হয় । টিহু নগৰৰ ২ নম্বৰ ৱাৰ্ডৰ কালী মন্দিৰৰ নিচেই ওচৰৰ নিৱাসী চিকিৎসাকৰ্মীগৰাকীকো সন্ধিয়া প্ৰায় ৮ বজাত নলবাৰীৰ ছহিদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

এনে পৰিস্থিতিত মহকুমাটোত গণ সংক্ৰমণৰ সম্ভাৱনা প্ৰকট হোৱা বুলি ৰাইজৰ মাজত চৰ্চা হৈছে ।

Related Articles

Leave a Reply

Close