অসম

টিহুত দুৰ্ঘটনাত আহত যুৱকৰ মৃত্যু

প্ৰথম খবৰ, পংকজ বেজবৰুৱা, টিহু : টিহু মহকুমাৰ নিজখানা গাঁৱৰ খানাঘাট চুবুৰিৰ নিৱাসী ২৫ বছৰীয়া ৰাজু বেজবৰুৱাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পাছত কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ।

১ জুলাইত যুৱকজনে পাটাছাৰকুছিৰপৰা চাইকেলেৰে ঘৰমুখে গৈ থাকোঁতে টিহুৰ ওচৰৰ বালিপাৰা গাঁৱত কোনো গাড়ীয়ে খুন্দিওৱাৰ ফলত পথৰ দাঁতিত পৰি থাকে । বৰষুণ দি থকা বাবে বহু সময় পাছতহে স্থানীয় লোকে অতি অতি সংকটজনক অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি নলবাৰীৰ চিকিৎসা আৰু পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰায় যদিও কালি নিশা তেওঁৰ মৃত্যু হয় ।

খানাঘাটৰ ভুৱন বেজবৰুৱাৰ পুত্ৰ, পেচাত ৰাজ মিস্ত্ৰি আৰু অঞ্চলটোৰ সৰবৰহী যুৱক ৰাজু বেজবৰুৱা দুৰ্ঘটনাৰ দিনা পাটাছাৰকুছিৰ কৰ্মস্থলীৰপৰা ঘৰলৈ গৈ আছিল । যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ।

Related Articles

Leave a Reply

Close