অসমশীৰ্ষ

টিহুত নাৰ্চসহ ৫ গৰাকী কভিড–১৯–অত আক্ৰান্ত

প্ৰথম খবৰ, পংকজ বেজবৰুৱা, টিহু : নলবাৰী জিলাৰ টিহু মহকুমাৰ বিভিন্ন স্থানত নাৰ্চ সহ পাঁচ গৰাকী ক’ভিড পজিটিভ আক্ৰান্ত লোক ওলোৱাত মহকুমাৱাসীৰ মাজত একপ্ৰকাৰ আতংকৰ সৃষ্টি হৈছে । প্ৰাপ্ত তথ্য মতে, টিহুত অজি দুগৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে ।

ইয়াৰ ভিতৰত টিহুৰ হাৰিভাঙা গাঁৱৰ জিতু তালুকদাৰ নামৰ লোকজনৰ দেহত কোভিড পজিটিভ পোৱাৰ লগতে নমাটিৰ বামুণবড়ী গাঁৱৰ গৌতম পাঠকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ । দুয়োগৰাকী কভিড –১৯ আক্ৰান্ত লোক গুৱাহাটীৰপৰা গাঁৱৰ নিজগৃহলৈ আহিছিল ।

উল্লেখযোগ্য যে কালিলৈকে টিহুত এগৰাকী নাৰ্ছ আৰু চি আই এছ এফৰ জোৱান সহ তিনিগৰাকী লোকৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱা গৈছিল । টিহু মহকুমাত দুদিনত ক’ভিড–১৯ পজিটিভ আক্ৰান্তৰ লোক পাঁচ গৰাকীলৈ বৃদ্ধি পোৱাত অঞ্চলটোৰ সাধাৰণ নাগৰিকসকল বাৰুকৈয়ে চিন্তিত হৈছে ।

কালি সন্ধিয়া টিহু এফ আৰ ইউ সামূহিক চিকিৎসালয়ৰ কল্পনা দেৱী নামৰ ১ জুলাইলৈ বিভাগীয় দায়িত্বত কৰ্মৰত ষ্টাফ জি এন এম নাৰ্চ এগৰাকীৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱাৰ পাছত চিকিৎসালয়খন সাময়িকভাৱে বন্ধ ৰখা পৰিলক্ষিত হৈছে । কল্পনা দেৱীৰ ঘৰ টিহু নগৰৰ ২ নম্বৰ ৱাৰ্ডৰ কালীপুৰৰ কালী মন্দিৰৰ ওচৰত ।

মাখিবাহাৰ অধ্যাপকপাৰা চুবুৰিৰ নিৱাসী তথা চি আই এছ এফৰ জোৱান প্ৰদীপ শৰ্মাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে । পশ্চিম বংগৰপৰা শৰ্মাই সপৰিয়ালে ২৬ জুনত মাখিবাহাৰ নিজগৃহলৈ আহি হোম কোৰাইন্টেন হৈ আছিল । আকৌ জলখানা গাঁৱৰ কঁঠালমূৰা চুবুৰিৰ ধ্ৰুৱৰাজ মেধি নামৰ যুৱক এগৰাকীৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱা গৈছে ।

জানিব পৰা মতে, যুৱকজনে গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল । গুৱাহাটীত তলাবদ্ধ চলি থকা বাবে ২৭ জুনত তেওঁ কঁঠালমূৰাৰ নিজগৃহলৈ আহিছিল । ক’ভিড–১৯ আক্ৰান্ত আটাইকেইগৰাকীকে টিহু এফ আৰ ইউ সামূহিক চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে এম্বুলেন্সেৰে নি নলবাৰীৰ ছহিদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে ।

ইপিনে, আজি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টিহু উপ ডাকঘৰৰ কামকাজো বন্ধ ৰখা হয় । আনহাতে, টিহুত কভিড–১৯ আতংক বিৰাজ কৰাৰ সময়তে একাংশই কোনোধৰণৰ সামাজিক দূৰত্ব বজাই নৰখাৰ উপৰি মাস্ক আদি ব্যৱহাৰ নকৰি স্বাস্থ্য বিধি উলংঘা কৰাও পৰিলক্ষিত হৈছে ।

এনে পৰিস্থিতিত অঞ্চলটোত গণ সংক্ৰমণৰ সম্ভাৱনা প্ৰকট হোৱা বুলি ৰাইজৰ মাজত চৰ্চা হৈছে আৰু আৰক্ষী– প্ৰশাসনক কঠোৰ হ’বলৈ বিভিন্ন লোকে দাবী জনাইছে । ইপিনে, ক’ভিড –১৯ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি টিহু মহকুমাৰ মাখিবাহা অঞ্চলত মাখিবাহা গ্ৰামোন্নয়ন সমিতি , মাখিবাহা গাঁও পঞ্চায়ত, মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থা আৰু মাখিবাহা ব্যৱসায়ী সন্থাই এখন সভাৰ জৰিয়তে ৫ জুলাইৰ পুৱা ৬ বজাৰপৰা ১৩ জুলাইৰ নিশা ১২ বজালৈ যৌথভাৱে তলাবদ্ধ ঘোষণা কৰিছে ।

সভাই ৰাইজক সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক আদি পৰিধান কৰি স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি চলিবলৈও আহ্বান জনাইছে ।

Related Articles

Leave a Reply

Close